২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
From Wikipedia, the free encyclopedia
২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন (ইংৰাজী: 2024 Indian general election) ১৮তম লোকসভাৰ ৫৪৩জন সদস্যক নিৰ্বাচিত কৰিবলৈ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’ব। ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফল অহা ৪ জুন ২০২৪ তাৰিখে ঘোষণা কৰা হ’ব। ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনকো চেৰ পেলাই এইটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু ভাৰতৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া, মুঠ ৪৪ দিনৰ সাধাৰণ নিৰ্বাচন হ’ব(১৯৫১–৫২ চনৰ প্ৰথম ভাৰতৰ সাধাৰণ নিৰ্বাচনক বাদ দি)। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।
১৪০ কোটি জনসংখ্যাৰ ভিতৰত প্ৰায় ৯৬ কোটি ব্যক্তিয়ে এই নিৰ্বাচনত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে।[1][2][3] সাধাৰণ নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা, চিক্কিমৰ বিধানসভা নিৰ্বাচনৰ লগতে ১৬খন ৰাজ্যৰ ৩৫খন আসনৰ উপ-নিৰ্বাচনো অনুষ্ঠিত হ’ব।