ৰামমোহন ৰায়
ভাৰতীয় বঙালী ধৰ্মীয়, সামাজিক আৰু শৈক্ষিক সংস্কাৰক (১৭৭২–১৮৩৩) / From Wikipedia, the free encyclopedia
ৰামমোহন ৰায় (ইংৰাজী: Ram Mohan Roy) অথবা ৰাজা ৰামমোহন ৰায় (মে ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্ৰথম ভাৰতীয় ধৰ্মীয়-সামাজিক পুনৰ্গঠন আন্দোলন ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা আৰু বঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। এই সময়ত হিন্দু বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
ক্ষিপ্ৰ তথ্য ৰাজা ৰামমোহন ৰায়, জন্ম ...
ৰাজা ৰামমোহন ৰায় | |
---|---|
জন্ম | প্ৰায় ২২ মে' ১৭৭২ ৰাধানগৰ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৭ ছেপ্টেম্বৰ, ১৮৩৩ (৬১ বছৰ) ষ্ট্যাপলেটন, ব্ৰিষ্টল, ইংলেণ্ড |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জনা যায় | বাংলাৰ নবজাগৰণ, ব্ৰাহ্মসমাজ |
বন্ধ কৰক
ৰামমোহন ৰায় কলকাতালৈ আগষ্ট ২০, ১৮২৮ চনত ইংলেণ্ড যাত্ৰাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্ৰাহ্মসমাজ স্থাপন কৰে। পৰবৰ্তীকালত এই ব্ৰাহ্মসমাজে এক সামাজিক আৰু ধৰ্মীয় আন্দোলন আৰু বাংলাৰ পূনৰ্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।