প্ৰশান্ত মহাসাগৰ
এখন মহাসাগৰ / From Wikipedia, the free encyclopedia
প্ৰশান্ত মহাসাগৰ (ইংৰাজী: Pacific Ocean; লেটিন: Mare Pacificu ) হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ই দক্ষিণে এণ্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত; পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আৱৰা; আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ। প্ৰশান্ত মহাসাগৰ আয়তন ১৬৫.২ মিলিয়ন বৰ্গকিলোমিটাৰ (৬৪.১ মিলিয়ন বৰ্গমাইল), যি পৃথিৱী পৃষ্ঠৰ প্ৰায় ৩২%, সমস্ত জলভাগৰ ৪৬%। এয়া পৃথিৱীৰ সমস্ত ভূ-ভাগৰ আয়তনতকৈ অধিক।[1]
বিষুৱ ৰেখাই প্ৰশান্ত মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণে দক্ষিণ প্ৰশান্ত মহাসাগৰ।[2]