ৰেনে ডিকাৰ্ট
From Wikipedia, the free encyclopedia
ৰেনে ডেকাৰ্ট (ইংৰাজী: Rene Descartes, ৩১ মাৰ্চ, ১৫৯৬ - ১১ ফেব্ৰুৱাৰী ১৬৫০) মধ্যযুগৰ এজন ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু বিজ্ঞানী। তেওঁক আধুনিক দৰ্শনৰ পিতৃ বুলি অভিহিত কৰা হয়। তেখেতে ১৬২০ চনৰ নৱেম্বৰত প্ৰেগৰ পৰা কিছু দূৰত্ব সংগঠিত 'বেলট অব দ্য হোৱাইট মাউণ্টেইন' নামেৰে প্ৰখ্যাত যুদ্ধত অংশ গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ সামৰিক বাহিনী ত্যাগ কৰে আৰু জ্ঞানৰ অন্বেষণত ব্ৰতী হৈ পৰে। তেখেতে সেই সময়ত বিশ্লেষণাত্মক জ্যামিতিৰ ভেটি নিৰ্মাণ কৰিছিল। লেখ কাগজৰ (X) অক্ষ আৰু ৱাই (Y) অক্ষৰ তেওঁই আৰম্ভ কৰিছিল। তাৰ সহায়ত কোনো বিন্দুৰ স্থানাংক বা অৱস্থান উলিওৱাৰ এক পদ্ধতি তেওঁ আবিষ্কাৰ কৰিছিল। তেওঁৰ দাৰ্শনিক মন্তব্য “মই ভাবোঁ, গতিকে মই আছোঁ”-ৰ বাবে তেওঁ জনাজাত।