ৰমন্যাসবাদ
From Wikipedia, the free encyclopedia
ৰমন্যাসবাদ (ইংৰাজী: Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। ইংৰাজী ভাষাৰ ৰোমাঞ্চ শব্দটো মূলতঃ ফৰাচী ভাষাৰ পৰা আহিছে। প্ৰাচীন ফৰাচী ভাষাত romans আৰু romanz এই দুটা ৰূপত ব্যৱহৃত শব্দটোৰ পৰা আহিছে। এই ফৰাচী শব্দটো মধ্যযুগীয় ইংৰাজী ভাষাত romauns আৰু romaunce ৰূপে প্ৰবেশ কৰে। তেতিয়া অৰ্থ আছিল – ‘something composed in French, tale in verse’। ৰোমাঞ্চৰ উৎপত্তি স্থান সম্পৰ্কে ইউৰোপীয় পণ্ডিতসকলৰ দ্বিমত আছে। কোনোৱে ইয়াক কেৱল European form বুলি উল্লেখ কৰাৰ পৰিৱৰ্তে কিছুসংখ্যকে ইয়াৰ উৎপত্তি স্থল Western Europe বুলি কৈছে।[1] ৰোমাঞ্চসমূহ বিষয়বস্তুতকৈ বিশেষ বৰ্ণনাশৈলীৰ উদ্ভাৱনৰ বাবে বেছি তাৎপৰ্যপূৰ্ণ বুলি চিহ্নিত কৰিব পাৰি। বীৰত্বপূৰ্ণ কাৰ্যকলাপ, দুঃসাহসিক আৰু বিপদ সংকুল অভিযান, ৰোমাণ্টিক প্ৰেম ইত্যাদিসমূহেই ৰোমাঞ্চৰ প্ৰধান বিষয়বস্তু আছিল বুলি জনা যায়।
এই ‘ৰোমাঞ্চ’ শব্দটোও আহিল ‘ৰোমানা’ শব্দটোৰ পৰা। ৰোম দেশৰ ভাষাৰ পৰা অৰ্থাৎ লেটিনৰ পৰা অনূদিত কাহিনীক কোৱা হৈছিল ৰোমানা। ৰোমানৰ পৰা ৰোমাঞ্চ আৰু ৰোমাঞ্চৰ পৰা ৰোমাণ্টিক শব্দৰ উৎপত্তি হ’ল। সাহিত্য-সমালোচনাৰ ক্ষেত্ৰত ‘ৰোমাণ্টিক’ শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল জাৰ্মান দাৰ্শনিক সমালোচক শিগেলে। তেওঁ ‘ৰোমাণ্টিক’ পদটো ‘ক্লাছিক’ পদৰ বিপৰীতধৰ্মী বুলি উল্লেখ কৰিছিল আৰু তাৰ পাছৰ পৰাই ইংলণ্ড আৰু ফ্ৰান্সত তেনে অৰ্থতে এই পদটো সণ্ঢালনিকৈ ব্যৱহাৰ হ’বলৈ ধৰে।
ৰোমাঞ্চ বা ৰোমাণ্টিক শব্দটো অসমীয়া ভাষালৈ সোমাই আহিছে উনবিংশ শতিকাৰ শেষৰ ফালেহে। এই শব্দটো অসমীয়া ভাষাৰ পৰিভাষা স্বৰূপে "নৱন্যাস" শব্দটো ব্যৱহৃত হৈ আহিছে। কবি সমালোচক মহেন্দ্ৰ বৰাই ১৯৭৬ চনত "ৰোমাণ্টিক" শব্দটোৰ অসমীয়া ভাষাৰ পৰিভাষা স্বৰূপে "ৰমন্যাস" শব্দটো ব্যৱহাৰ কৰে। তেওঁৰ "ৰমন্যাসবাদ" গ্ৰন্থখনত ব্যৱহাৰ কৰে।[2]