ৱিকিউদ্ধৃতি
ৱিকিমিডিয়া ফাউণ্ডেচন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। / From Wikipedia, the free encyclopedia
ৱিকিউদ্ধৃতি (ইং Wikiquote (ৱিকিকোৱ'ট)) বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়'ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ বা ফকৰা যোজনাৰ উক্তিসমূহ সংগ্ৰহ কৰা আৰু সঠিক এট্ৰিবিউচনেৰে সেইবোৰ বৰ্ণনা কৰা। উক্তিৰ আন আন বহুতো অনলাইন সংগ্ৰহ থাকিলেও ৱিকিউদ্ধৃতিত পঢ়ুৱৈয়ে নিজে অৰিহণা যোগাবলৈ সুবিধা পায়।[2] ৱিকিউদ্ধৃতিৰ পৃষ্ঠাৰ পৰা উল্লেখযোগ্য ব্যক্তিসমূহৰ বিষয়ে ৱিকিপিডিয়ালৈ সংযোগ দিয়া হয়।[3]
ক্ষিপ্ৰ তথ্য ৱিকিউদ্ধৃতি, ইউ আৰ এল ...
ৱিকিউদ্ধৃতি | |
---|---|
soft2i | |
ইউ আৰ এল | www.wikiquote.org |
বাণিজ্যক | নহয় |
প্ৰকাৰ | উক্তি সংগ্ৰহ |
পঞ্জীয়ন | ঐচ্ছিক |
ভাষা | বহুভাষিক es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সম্প্ৰদায় |
মুকলি | ১০ জুলাই, ২০০৩ |
এলেক্সা স্থান | 2,350 (November 2011[update])[1] |
বৰ্তমান স্থিতি | সক্ৰিয় |
বন্ধ কৰক
প্ৰথমে ৱিকিউদ্ধৃতি কেৱল ইংৰাজী ভাষাত মুকলি কৰা হৈছিল; ২০০৪ চনৰ জুলাই মাহৰ পৰা আন আন ভাষাসমূহ অন্তৰ্ভুক্ত কৰাৰ কাম আৰম্ভ হয়।