আহোম জনগোষ্ঠী
উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী / From Wikipedia, the free encyclopedia
টাই আহোম বা চাম সকল (আহোম ভাষা:𑜇𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤;/ফান টাই আহোম/, ইংৰাজী: Tai-Ahom) হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী। চীনদেশৰ দেহ'ঙৰ (德宏州; মধ্যযুগীয় মু'ঙ মাও; 𑜉𑜢𑜤𑜂𑜫 𑜉𑜰𑜫) দাইকোঁৱৰ চাওলুং চ্যু-কা-ফাৰ লগত ১২২৮ চনত অহা ৯০০০ টাই লোকৰ ঠালটোৱেই আহোমৰ সৰ্ববৃহৎ টাই ঠাল যি ব্ৰহ্মপুত্ৰ উপত্যকাত মু'ঙ দন চ'ণ খাম(𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) স্থাপন কৰি প্ৰায় ৬০০ বছৰ শাসন কৰে।[1] অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, ধেমাজী আৰু কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাত টাই আহোম সম্প্ৰদায়ৰ লোক দেখা যায়।
ক্ষিপ্ৰ তথ্য মুঠ জনসংখ্যা, উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ ...
মুঠ জনসংখ্যা | |||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০ লাখ (১৯৯০ আনুমানিক) | |||||||||||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||||||||
| |||||||||||||||
ভাষাসমূহ | |||||||||||||||
আহোম ভাষা (𑜁𑜪𑜨 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤) | |||||||||||||||
ধৰ্ম | |||||||||||||||
আহোম ধৰ্ম(পূৱ এছীয় ধৰ্ম)। | |||||||||||||||
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | |||||||||||||||
বন্ধ কৰক