দিনলিপি
ব্যক্তিৰ ব্যক্তিগত টোকাবহী। / From Wikipedia, the free encyclopedia
দিনলিপি (ইংৰাজী: Diary) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওঁৰ দৈনিক কাৰ্যাৱলীৰ বিৱৰণ, স্থান আৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়, লিখোঁতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷