পাচন তন্ত্ৰ
মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ / From Wikipedia, the free encyclopedia
পাচন তন্ত্ৰ (ইংৰাজী: Digestive system) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।[1] বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে নলীডাল বিভিন্ন অংশত বিভক্ত:-মুখ, মুখগহ্বৰ, টেটু (ডিঙি), গ্ৰাসনলী, পাকস্থলী, অন্ত্ৰ আদি। অন্ত্ৰ দুটা পুনৰ দুটা ভাগত বিভক্ত - ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ। ক্ষুদ্ৰান্ত ডুৱেডেনাম, মধ্যান্ত্ৰ বা জেজুনাম আৰু ইলিয়ামেৰে গঠিত। বৃহদান্ত্ৰ ক'লন (colon) আৰু মলভাণ্ডাৰে গঠিত। মানুহৰ পাচন তন্ত্ৰত পাঁচ প্ৰকাৰৰ পাচন গ্ৰন্থি থাকে - লালটি গ্ৰন্থি, যকৃৎ, অগ্নাশয়, পাকস্থলী গ্ৰন্থি আৰু আন্ত্ৰিক গ্ৰন্থি। এই গ্ৰন্থিবোৰৰপৰা নিঃসৰিত পাচক ৰসে খাদ্যৰ পাচন কাৰ্যত সহায় কৰে।
এই বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |