পাটনা
From Wikipedia, the free encyclopedia
পাটনা (ইংৰাজী: Patna), ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী। এই চহৰখন গংগা নদীৰ দক্ষিণ পাৰত অৱস্থিত। ই বিহাৰৰ সৰ্ববৃহৎ চহৰ আৰু বিশ্বৰ অন্যতম পুৰণি অবিৰতভাৱে বসবাস কৰা চহৰ, লগতে ই সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰে ভৰপূৰ। প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী চহৰ "পাটলিপুত্ৰ" সংস্কৃত শব্দৰ পৰাই এই নগৰখনৰ নাম উৎপন্ন হৈছে। মৌৰ্য আৰু গুপ্ত সাম্ৰাজ্যৰ সময়ত পাটনাই ক্ষমতাৰ আসন, আৰু ভাৰতীয় উপমহাদেশৰ ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে কাম কৰিছিল। গুপ্ত সাম্ৰাজ্যৰ পতনৰ লগে লগে পাটনাই নিজৰ গৌৰৱ হেৰুৱাই পেলালে।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |