পৰিয়াল (জীৱবিদ্যা)
From Wikipedia, the free encyclopedia
এই পৃষ্ঠাখন পৰিয়াল (জীৱবিদ্যা)ৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে পৰিয়াল (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
পৰিয়াল (ইংৰাজী: family, ফেমিলি, লেটিন: familia, বহুবচন familiae), জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা উপপৰিয়ালৰ দৰে উপগোটটো ভাগ কৰা হয়। সাধাৰণতে, পৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও পৰিয়াল এটাৰ নামকৰণ কৰা পৰিলক্ষিত হয়, যেনে- 'ৱালনাট' আৰু 'হিকৰি' গছবোৰ 'যোগ্লানডেচিয়া' পৰিয়ালৰ অন্তৰ্গত যাক 'ৱালনাট পৰিয়াল' বুলিও কোৱা হয়।