বৃহদান্ত্ৰ
From Wikipedia, the free encyclopedia
বৃহদান্ত্ৰ (ইংৰাজী: Large intestine) হৈছে মেৰুদণ্ডীৰ পাচন তন্ত্ৰৰ একেবাৰে শেষৰ অংশ। ইয়াক ক'লন বুলিও কোৱা হয়। ইয়াত পানীৰ শোষণ হয় আৰু অৱশিষ্ট খিনি মলত্যাগৰ দ্বাৰা দেহৰ পৰা বহিস্কাৰ নোহোৱা পৰ্যন্ত মল হিচাপে জমা হৈ থাকে।[1]
বৃহদান্ত্ৰ | |
---|---|
বৃহদান্ত্ৰৰ চিত্ৰ | |
সবিশেষ | |
ধমনী | Superior mesenteric, Inferior mesenteric and Iliac arteries |
লসিকা | inferior mesenteric lymph nodes |
চিনাক্তকাৰক | |
MeSH | D007420 |
TA98 | A05.7.01.001 |
TA2 | 2963 |
FMA | 7201 |
দেহতাত্ত্বিক পৰিভাষা |
চিকাম, ক'লন, মলভাণ্ড, পায়ুনলীৰ সমন্বয়ত বৃহদান্ত্ৰ গঠিত বুলি বহু বিশেষজ্ঞই মত পোষণ কৰে।[2][3] অন্য উৎস, যেনে ম'ছবিৰ মেডিকেল ডিক্সনেৰি আৰু দ্য অ'ক্সফৰ্ড ডিক্সনেৰিজ অৱ মেডিচিন আৰু জীৱবিজ্ঞানে পায়ু নলীক বৃহদান্ত্ৰ লগত সাঙুৰি নলয়।[4][5][6] মানুহৰ ক্ষেত্ৰত, ককালৰ ঠিক কাষৰ বা তলৰ, পেলভিছৰ সোঁ ইলিয়াক অঞ্চলৰ পৰা, যত ই ক্ষুদ্ৰান্ত্ৰ সৈতে সংযুক্ত হয় তাৰ পৰাই বৃহদান্ত্ৰৰ আৰম্ভ হয়। তাৰ পিছত ই সমগ্ৰ উদৰ গহ্বৰ জুৰি পেটলৈকে বৃস্তৃত হৈ থাকে আৰু পায়ুত অন্ত হয়। মানুহৰ বৃহদান্ত্ৰ সৰ্বমুঠ দৈৰ্ঘ্য ১.৫ মিটাৰ (U=ft}}), যি প্ৰায় গোটেই পৌষ্টিক নলীৰ এক পঞ্চমাংশ।[7]