পেশী
From Wikipedia, the free encyclopedia
পেশী (ইংৰাজী: Muscle) হৈছে অধিকাংশ প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ কোমল কলা। পেশী কোষবোৰ প্ৰটিনযুক্ত এক্টিন আৰু মায়চিন সূত্ৰৰে গঠিত। এই সূত্ৰহোৰৰ সংকোচনৰ বাবে পেশী কোষবোৰৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয়। বলৰ উৎপাদন কৰা আৰু চলন ক্ষমতা প্ৰদান কৰা হৈছে পেশীৰ কাৰ্য। দেহৰ ভিন্ন অৱস্থান, চলাচল, লগতে দেহৰ আভ্যন্তৰিণ অংগৰ সঞ্চালন, যেনে হৃদযন্ত্ৰৰ সংকোচন-সম্প্ৰসাৰণ আৰু পৌষ্টিক নলীৰ মাজেৰে খাদ্যৰ পৰিবহণ আদিৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে।
পেশী | |
---|---|
কংকালীয় পেশীৰ চিত্ৰ | |
সবিশেষ | |
চিনাক্তকাৰক | |
লেটিন | musculus |
MeSH | D009132 |
TA98 | A04.0.00.000 |
TA2 | 1975 |
FMA | 32558 |
দেহতাত্ত্বিক পৰিভাষা |
পেশী কলা ভূণীয় বীজ কোষ মধ্যস্ত্বকীয় তৰপৰ পৰা মায়জেনেছিচ নামৰ প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। পেশী তিনি প্ৰকাৰৰ, কংকালীয়, হৃদ্, আৰু মৃসন। পেশীৰ কাৰ্য ঐচ্ছিক বা অনৈচ্ছিক হব পাৰে। হৃদ্ আৰু মৃসন পেশীৰ সঞ্চালনৰ লগত প্ৰাণীৰ ইচ্ছা জড়িত নাথাকে বাবে ইয়াক অনৈচ্ছিক, আৰু কংকালীয় পেশীবোৰ ইচ্ছা মতে সঞ্চালিত হয় বাবে ইয়াক ঐচ্ছিক বোলা হয়।[1] কংকালীয় পেশীক ক্ষিপ্ৰ আৰু মন্থৰ সঞ্চালিত আঁহ হিচাপে ভাগ কৰা হয়।
পেশীয়ে কাৰ্য কৰাৰ বাবে বল চৰ্বী আৰু শৰ্কৰা দহনৰ ফলত উৎপন্ন শক্তিৰ পৰা লাভ কৰে, কিন্তু অৱায়বীয় ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন শক্তিও ব্যৱহৃত হয়, বিশেষকৈ ক্ষিপ্ৰ সঞ্চালিত আঁহে ব্যৱহাৰ কৰে। এনে ৰাসায়নিক বিক্ৰিয়াৰ ফলত এডেনচিন ট্ৰাইফচফেট (ATP) অনু উৎপন্ন কৰে যিবোৰে মায়চিন শীৰ্ষৰ সঞ্চালনৰ বাবে শক্তিৰ যোগান ধৰে।[2]
পেশীৰ ইংৰাজী muscle শব্দটো লেটিন শব্দ musculus যাৰ অৰ্থ "ক্ষুদ্ৰ নিগনি"ৰ পৰা আহৰণ কৰা হৈছে, কিয়নো নিৰ্দিষ্ট পেশীৰ আকৃতি বা সঞ্চালিত পেশীবোৰ ছালৰ ভিতৰেদি নিগনি ঘূৰি ফুৰা যেন দেখি।[3][4]