লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
অসমৰ মূল বিমানবন্দৰ / From Wikipedia, the free encyclopedia
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আইএটিএ: GAU, আইচিএঅ’: VEGT), (ইংৰাজী: Lokpriya Gopinath Bordoloi International Airport), গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(ইংৰাজী: Guwāhāti International Airport) হিচাপেও জনা যায়) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অসমৰ গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী বৰঝাৰত অৱস্থিত এই বিমানবন্দৰটো স্বাধীনতা সংগ্ৰামী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে। গোপীনাথ বৰদলৈ ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। এই বিমানবন্দৰটো ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত আৰু ভাৰতী বায়ু সেনাইও ইয়াক ঘাটি হিচাপে ব্যৱহাৰ কৰে।
ক্ষিপ্ৰ তথ্য Lokpriya Gopinath Bordoloi International Airport লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, সংক্ষিপ্ত ...
Lokpriya Gopinath Bordoloi International Airport লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ | |||
---|---|---|---|
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটী | |||
আইএটিএ: GAU – আইচিএঅ: VEGT
| |||
সংক্ষিপ্ত | |||
প্ৰকাৰ | ৰাজহুৱা | ||
অধিকাৰী | ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ | ||
অপাৰেটৰ | গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড | ||
সেৱা | গুৱাহাটী | ||
অৱস্থান | গুৱাহাটী, অসম, ভাৰত | ||
উচ্চতা | 162 ফুট / 49 মিটাৰ | ||
স্থানাঙ্ক | 26°06′22″N 091°35′09″E | ||
ৱেবছাইট | www.aai.aero/guwahati | ||
উড্ডায়ন পথ | |||
দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
ফুট | মিটাৰ | ||
02/20 | 10,200 | 3,110 | এচফাল্ট |
পৰিসংখ্যা (এপ্ৰিল ২০১৬ - মাৰ্চ ২০১৭) | |||
যাত্ৰী | ৩৭,৮৯,৬৫৬(৩৬.১%) | ||
বিমানৰ সঞ্চালন | ৩৭,৮৭৩(২৮.৭%) | ||
Cargo tonnage | ১৭,২৮৬(১০.৬%) | ||
উৎস: ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ[1][2][3] |
বন্ধ কৰক