সহযোগিতামূলক সম্পাদনা
From Wikipedia, the free encyclopedia
আক্ষৰিক অৰ্থত "একাধিক ব্যক্তিয়ে সমিলমিলেৰে একেটা কাম সমাধা কৰা কাৰ্যকে" সহযোগিতামূলক সম্পাদনা বা ইংৰাজীত "Collaborative editing" বোলা হয়।[1] সহযোগিতামূলক সম্পাদনা সফল হ'বলৈ গোটসমূহৰ সজাগতা, অংশগ্ৰহণ আৰু সমন্বয় অতিকৈ আৱশ্যক।[2] বৰ্তমান যুগত তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত গঢ়ি উঠা ইণ্টাৰনেট মাধ্যম ব্যৱহাৰ কৰি ভৌগোলিক সীমাৰ বাধাও অতিক্ৰম কৰি সহযোগিতামূলক সংকলনৰ পৰিধিয়ে সম্পূৰ্ণ পৃথিৱীক সামৰি লৈছে। কিছুমান সহযোগিতামূলক সম্পাদনা সজুলিত 'ইন্ষ্টেণ্ট মেছেজিং চাৰ্ভিছ্'ও সন্নিবিষ্ট থাকে যাতে অৱদানকাৰীসকলে সম্পাদনা কৰি থাকোঁতে সহজে যোগাযোগ কৰিব পাৰে।[1]