অসুৰ
From Wikipedia, the free encyclopedia
অসুৰ (ইংৰাজী: Asura) হৈছে ভাৰতীয় মূলৰ কিংবদন্তিসমূহত বৰ্ণিত একপ্ৰকাৰৰ জীৱ। হিন্দুধৰ্মৰ ৰচনাৱলীত তেওঁলোকক দেৱতাসকলৰ সৈতে সম্পৰ্কিত কিন্তু এক ক্ষমতালোভী জাতি হিচাপে বৰ্ণনা কৰা হৈছে। বৌদ্ধধৰ্মৰ সাহিত্যত অসুৰ শব্দটো টাইটানসকলক বা অৰ্ধদেৱতাসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।[1]
নৰসিংহই বধ কৰা অৱস্থাত অসুৰ হিৰণ্যকশিপু | |
উপশ্ৰেণী | অৰ্ধদেৱতা |
---|---|
দেশ | ভাৰত, ইণ্ডোনেচিয়া, মালয়েচিয়া, কম্বোডিয়া |
স্থান | হিন্দুধৰ্ম বৌদ্ধধৰ্ম |
হিন্দুধৰ্মৰ সাহিত্যসমূহৰ মতে দেৱতা আৰু অসুৰৰ মাজত সততে যুদ্ধ-বিগ্ৰহ হয়।[2](পৃষ্ঠা 2–6) ভাৰতীয় সাহিত্যত অসুৰসকলক আতিভৌতিক ক্ষমতাসম্পন্ন আৰু ভাল-বেয়া দুয়োবিধ গুণৰে অধিকাৰী বুলি বৰ্ণনা কৰা হয়। বৈদিক সাহিত্যত ভাল গুণৰ অসুৰসকলক আদিত্য আখ্যা দিয়া হৈছে আৰু বৰুণ হৈছে তেওঁলোকৰ অধিপতি। আনহাতে বেয়া গুণসম্পন্ন অসুৰসকলক দানৱ আখ্যা দিয়া হৈছে আৰু বৃত্ৰ অৰ্থাৎ বৃত্ৰাসুৰে তেওঁলোকৰ নেতৃত্ব দিয়ে।[2](পৃষ্ঠা 4) প্ৰাচীনতম বৈদিক সাহিত্যসমূহত অগ্নি, ইন্দ্ৰ আদিকো নিজৰ নিজৰ ক্ষেত্ৰ, জ্ঞান আৰু ক্ষমতাৰ অধিপতি হোৱাৰ বাবে অসুৰ বুলি কোৱা হৈছিল। পৰৱৰ্ত্তী কালৰ ৰচনাসমূহত তেওঁলোকক দেৱতা আখ্যা দিয়া হয় আৰু অসুৰসকলক তেওঁলোকৰ শত্ৰু হিচাপে বৰ্ণনা কৰা হয়।[2](পৃষ্ঠা 5–11, 22, 99–102)
দেৱতা, যক্ষ আৰু ৰাক্ষসৰ দৰেই অসুৰসকলো ভাৰতীয় আখ্যানসমূহৰ অংশ। হিন্দু আৰু বৌদ্ধধৰ্মৰ ব্ৰহ্মাণ্ড সম্পৰ্কীয় কাহিনীসমূহত অসুৰসকলৰ উল্লেখ পোৱা যায়।[3][4][5]