ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ / From Wikipedia, the free encyclopedia
হিন্দু ধৰ্ম (সনাতন ধৰ্ম) হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ।[1] ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজস্ব ধৰ্মমতকে সনাতন ধৰ্ম (সংস্কৃত: सनातन धर्म) নামেৰেও অভিহিত কৰে।[2][3] হিন্দু ধৰ্মৰ সাধাৰণ "ধৰণসমূহৰ" মাজত লৌকিক আৰু বৈদিক হিন্দু ধৰ্ম ৰ পৰা বৈষ্ণৱধৰ্মৰ অনুৰূপ ভক্তিবাদী ধাৰাৰ নিচিনা একাধিক জটিল মতবাদ সমূহৰ সমন্বয়ৰ এক প্ৰচেষ্টা পৰিলক্ষিত হয়। যোগ, কৰ্মযোগArchived 2015-05-09 at the Wayback Machine ধাৰণা আৰু হিন্দু বিবাহৰ নিচিনা বিষয়সমূহো হিন্দুধৰ্মৰ সৈতে অঙ্গাঙ্গীভাবে জড়িত। হিন্দু ধৰ্ম একাধিক ধৰ্মীয় ঐতিহ্যৰ সমন্বয়ত গঠিত। এই ধৰ্মৰ কোনো একক প্ৰতিষ্ঠাতা নাই।[4] হিন্দু ধৰ্মক বিশ্বৰ "প্ৰাচীনতম জীৱিত ধৰ্মবিশ্বাস"[5] বা "প্ৰাচীনতম জীৱিত প্ৰধান মতবাদ"[6][7][8][9] আখ্যা দিয়া হয়।
হিন্দু শাখাসম্প্ৰদায় দেশ অনুসাৰে হিন্দু ধৰ্ম পুৰাণ • হিন্দু পঞ্জিকা হিন্দু আইন • হিন্দু মূৰ্তিতত্ত্ব হিন্দু জাতীয়তাবাদ • হিন্দুত্ব তীৰ্থ অত্যাচাৰ • সমালোচনা শব্দকোষ