চাৰি কুমাৰ
From Wikipedia, the free encyclopedia
হিন্দুসকলৰ পৌৰাণিক একাধিক গ্ৰন্থ অনুযায়ী চাৰি কুমাৰ হ’ল চাৰিজন ঋষি, যিয়ে শিশুৰ ছদ্মবেশেৰে গোটেইবিশ্ব ভ্ৰমণ কৰি ফুৰিছিল।[1][2] তেওঁলোকৰ নামবোৰ হ’ল যথাক্ৰমে- সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰ। তেওঁলোকক সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ বুলি অভিহিত কৰা হয়। ব্ৰহ্মাৰ মনৰ পৰা চাৰি শিশুপুত্ৰৰ জন্মৰ সময়ত সিহঁতে তেওঁৰ পিতৃৰ মত বিৰুদ্ধাচৰণ কৰে আৰু প্ৰতিজ্ঞা কৰে যে তেওঁলোক আজীৱন অবিবাহিত কুমাৰ হৈয়ে থাকিব। তেওঁলোকে সিদ্ধান্ত লয় যে তেওঁলোকে কোনো বাসনা নকৰি এই প্ৰকৃতিবাদী আৰু আধ্যাত্মবাদী মহাবিশ্বত ঘূৰিব আৰু জীৱ জগতক জীৱনৰ শিক্ষা দিব।[1] তেওঁলোকে বেদ অধ্যয়ন আৰম্ভ কৰে আৰু একেলগে ভ্ৰমণৰ সিদ্ধান্ত লয়।[3]
চাৰি কুমাৰ ( চাৰি সিদ্ধ) | |
---|---|
চলনৰ দেৱতা সনক, গৌৰৱৰ দেৱতা সনাতন, প্ৰবচনৰ দেৱতা সনন্দ, তপস্যাৰ দেৱতা সনৎকুমাৰ | |
অন্য নাম | সনকাদিক ঋষি |
সম্পৰ্ক | দেৱ আৰু ঋষি |
নিবাস | ব্ৰহ্মলোক |
পিতৃ-মাতৃ | ব্ৰহ্মা (পিতৃ) আৰু গায়ত্ৰীদেৱী (মাতৃ) |
সহোদৰ | চিত্ৰগুপ্ত, নাৰদ আৰু প্ৰজাপতি দক্ষ |
ভাগৱত পুৰাণত এই চাৰি কুমাৰক বাৰজন মহাজন বা মহাভক্তবৃৃন্দৰ তালিকাত অন্তৰ্ভুক্ত কৰে।[4] তেওঁলোকে জন্মৰ পিছত আত্মমোক্ষ লাভ কৰিলেও বিষ্ণুৰ চৰণত সেৱা নিবেদন কৰিবৰ ইচ্ছুক আছিল।[5] হিন্দু আধ্যাত্মিকতাৰ বৈষ্ণৱধাৰাৰ একাধিক গ্ৰন্থত চাৰি কুমাৰৰ উল্লেখ পোৱা যায়। বৈষ্ণৱসকলৰ মতে, বিষ্ণু আৰু তেওঁৰ অৱতাৰ শ্ৰীকৃষ্ণৰ আৰাধনাপদ্ধতি ভক্তবৃৃন্দৰ মাজত প্ৰচাৰ কৰা চাৰি কুমাৰ বিশেষভাৱে উল্লেখযোগ্য। শৈব্যধৰ্মতো চাৰি কুমাৰৰ একাধিক উল্লেখ পোৱা যায়।