নাৰদ
From Wikipedia, the free encyclopedia
নাৰদ, হিন্দু পুৰাণমতে কলহসংঘটক নামেৰে খ্যাত এজন দেবৰ্ষি। তেওঁ ব্ৰহ্মাৰ মানসপুত্ৰ।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
নাৰদক ধীৰ, গম্ভীৰ, সৰ্বজ্ঞ আৰু ভগৱৎ ভক্তিৰ পৰিচায়ক হিচাপেই পৰিচিত। হৰিবংশত নাৰদক পৰম বিষ্ণুভক্ত ৰূপত উল্লেখ পোৱা যায়।[1]
নাৰদ যথেষ্ট শিক্ষিত আছিল। চাৰি বেদ, ইতিহাস, পুৰাণ, দেৱবিদ্যা, ব্ৰহ্মবিদ্যা, ভূতবিদ্যা, ক্ষত্ৰবিদ্যা, নক্ষত্ৰবিদ্যা, দেৱযজনবিদ্যা আদিৰ দৰে বিষয়বোৰ তেওঁৰ নখ-দৰ্পণত আছিল।[2]
ভৃগুৰত্ৰিৰ্বশিষ্ঠশ্চ বিশ্বকৰ্মা ময়স্তথা। নাৰদো নগ্নজিচ্চৈৱ বিশালাক্ষঃ পুৰন্দৰঃ॥অষ্টাদশৈতে বিখ্যাতা বাস্তুশাস্ত্ৰোপদেশকাঃ॥