বংগ চুবাহ
মোগল সাম্ৰাজ্যৰ উপবিভাগ / From Wikipedia, the free encyclopedia
বংগ চুবাঃ (বঙালী: সুবাহ বাংলা; ফাৰ্চী: صوبه بنگاله) বা মোগল বংগ (বঙালী: মোগল বাংলা) আছিল মোগল সাম্ৰাজ্যৰ সৰ্ববৃহৎ ভাগ (যি পাছলৈ এক স্বতন্ত্ৰ ৰাজ্য হ'লগৈ)। ১৬ৰ পৰা ১৮ শতিকালৈ ই পশ্চিম বংগ আৰু বাংলাদেশকে ধৰি বংগ অঞ্চলৰ অধিকাংশ সামৰিছিল, য'ত বৰ্তমানৰ বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ অংশও আছিল। এই চুবাহৰ সৃষ্টি হৈছিল বংগ চুলতানীৰ পতনৰ পাছত। বংগ চুলতানীক বাৰুদৰ সাম্ৰাজ্য এখনত বিলীন কৰা হৈছিল। বংগ চুলতানীৰ দিনত আৰু তাৰ পাছত বংগ চুবাহৰ দিনতো বংগ অঞ্চল আছিল ভাৰতীয় উপমহাদেশৰ আতাইতকৈ ধনী অঞ্চল, বিশেষকৈ বেপাৰী, সেথ, বেংকাৰ আদিৰ কাৰ্যকালাপৰ বাবে। বংগৰ অৰ্থনীতিৰ প্ৰাক্-ঔদ্যোগিক অৱস্থাত এক আগন্তুক ঔদ্যোগিক বিপ্লৱৰ চিন দেখা যায়।[1]