ফাৰ্চী ভাষা
পশ্চিমীয় ইৰাণীয় ভাষা / From Wikipedia, the free encyclopedia
ফাৰ্চী ভাষা বা পাৰ্ছিয়ান ভাষা (ইংৰাজী: Persian language) হৈছে এটা পশ্চিমীয় ইৰাণীয় ভাষা যিটো ইণ্ডো ইউৰোপীয়ান ভাষাসমূহৰ ইণ্ডো ইৰাণীয়ান বিভাগৰ ইৰাণীয়ান শাখা। এই ভাষাটো ইৰান, আফগানিস্তান আৰু তাজিকিস্তানত ক্ৰমে ইৰাণীয়ান ফাৰ্চী, ডাৰি ফাৰ্চী (১৯৫৮ চনৰ পৰা চৰকাৰীভাৱে ডাৰি)[9] আৰু তাজিক ফাৰ্চী (ছোভিয়েটৰ সময়ৰ পৰা কেৱল তাজিক)[10] হিচাপে তিনিটা বিশেষ ৰূপত চৰকাৰীভাৱে ব্যৱহাৰ কৰা হয়। তদুপৰি ইয়াৰ তাজিক ৰূপটো উজবেকিস্তানত বৃহৎ সংখ্যক লোকে ব্যৱহাৰ কৰে।[11][12][13] ইৰান আৰু আফগানিস্তানত আৰবী লিপিৰ পৰা অহা পাৰ্ছিয়ান বৰ্ণমালা ব্যৱহাৰ কৰা হয়। আনহাতে তাজিকিস্তানত চিৰালিকৰ পৰা অহা তাজিক বৰ্ণমালা ব্যৱহাৰ কৰা হয়।
ফাৰ্চী ভাষা | |
---|---|
فارسی (fārsi), форсӣ (forsī) | |
Fārsi written in Persian calligraphy (Nastaʿlīq) | |
উচ্চাৰণ | সাঁচ:IPA-fa |
থলুৱা অঞ্চল |
|
জাতীয়তা | Persians |
স্থানীয় ভাষিক |
70 million[6] (110 million total speakers)[5] |
ভাষা পৰিয়াল |
Indo-European
|
পূৰ্বসূৰী |
Old Persian
|
মান্য ৰূপ |
Iranian Persian
Dari
Tajik
|
উপভাষা | *Iranian Persian |
লিখন প্ৰণালী |
|
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
|
নিয়মাধীন হয় |
|
ভাষা সংকেত | |
ISO 639-1 | fa |
ISO 639-2 | per (B) fas (T) |
ISO 639-3 | fas – inclusive codeIndividual codes: pes – Iranian Persian prs – Dari tgk – Tajik aiq – Aimaq dialect bhh – Bukhori dialect haz – Hazaragi dialect jpr – Judeo-Persian phv – Pahlavani deh – Dehwari jdt – Judeo-Tat ttt – Caucasian Tat |
গ্লোটোলগ | fars1254 [8] |
লিংগোৱাস্ফেয়াৰ |
|
Areas with significant numbers of people whose first language is Persian (including dialects) | |
Countries where Persian is an official language | |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
ফাৰ্চী ভাষা চাচানিয়ান সাম্ৰাজ্য (২২৪-৬৫১ খ্ৰী:)-ত ব্যৱহাৰ হোৱা মধ্য ফাৰ্চী (Middle Persian) ভাষাৰ পৰা আহিছে আৰু এই মধ্য ফাৰ্চী ভাষা আকামেনিড সাম্ৰাজ্য (৫৫০-৩৩০খ্ৰী:পূ:)-ৰ প্ৰাচীন ফাৰ্চী ভাষা(Old Persian Language)ৰ পৰা আহিছে[14][15]। এই ভাষাটো দক্ষিণ পশ্চিম ইৰাণৰ ফাৰচ(Fars) অঞ্চলত সৃষ্টি হৈছিল[16]। আৰু ইয়াৰ ব্যাকৰণো বহুত ইউৰোপীয় ভাষাৰ সৈতে একে[17]।
সমগ্ৰ ইতিহাসত ফাৰ্চী হৈছে এটা সন্মানজনক সাংস্কৃতিক ভাষা যিটো পশ্চিম এছিয়া,মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ বিভিন্ন ৰাজবংশই ব্যৱহাৰ কৰিছিল।[18] প্ৰাচীন ফাৰ্চী ভাষা ষষ্ঠ আৰু চতুৰ্থ খ্ৰীষ্টপূৰ্বলৈ পুৰণি ফাৰ্চী লিপিৰ সৈতে পোৱা গৈছে। মধ্য ফাৰ্চীৰ সাহিত্যসমূহ তৃতীয়ৰ পৰা দশম শতাব্দীলৈ মূলতঃ পাৰ্থিয়ান সাম্ৰাজ্যৰ সময়ছোৱাত ৰছিত জোৰাষ্ট্ৰিয়ান আৰু মেনিকেইন ধৰ্মপুথিসমূহত আৰ্মাণিকৰ পৰা উদ্ভৱ হোৱা লিপিৰ সৈতে পোৱা যায়। ইয়াৰ পিছত ইৰানত আৰবৰ আক্ৰমণৰ পিছত আৰবী লিপি গ্ৰহণ কৰাৰে পৰা নতুন ফাৰ্চী সাহিত্যৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে।[19] ফাৰ্চী হৈছে প্ৰথমটো ভাষা যিয়ে মুছলিম বিশ্বত আৰবী ভাষাৰ আধিপত্য ভংগ কৰিবলৈ সক্ষম হৈছিল। যিহেতু প্ৰাচ্যৰ বহুতো দৰবাৰত ফাৰ্চী কবিতাক প্ৰাধান্য দিয়া হৈছিল।[18] মধ্য ফাৰ্চীৰ বিখ্যাত কামসমূহ হৈছে ফিৰদৌছিৰ চাহনামেহ, ৰুমিৰ কৰ্মসমূহ, ওমৰ খৈয়ামৰ ৰুবায়েট, নিজামি গঞ্জভিৰ পাঞ্জ গঞ্জ, আট্টাৰ অৱ নিশাপুৰৰ দ্য কনফাৰেন্স অৱ বাৰ্ডছ আৰু সাদি শিৰাজিৰ গুলিস্তান আৰু বুস্তান।
ফাৰ্চী ভাষাই চুবুৰীয়া তুৰ্কী, আৰ্মেনিয়ান, জৰ্জিয়ান আৰু ইণ্ডো আৰ্য (বিশেষকৈ উৰ্দু আৰু দোভাষী) ভাষাত উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল।[20] তদুপৰি মধ্যযুগৰ আৰবৰ শাসনৰ সময়ছোৱাত আৰবী ভাষালৈ শব্দ সম্ভাৰৰ অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল।[14][17][21][22][23][24]
ফাৰ্চী, তাজিক, হাজাৰা, ককেছীয় তাত আৰু আইমাকসকলক মিলাই সমগ্ৰ বিশ্বত প্ৰায় ১১ কোটি ফাৰ্চীভাষী লোক আছে।