বাহন
From Wikipedia, the free encyclopedia
বাহন (সংস্কৃত: वाहन ) হৈছে একপ্ৰকাৰৰ জান্তৱ আৰোহণ যাৰ আক্ষৰিক অৰ্থ হৈছে যি কঢ়িয়াই নিয়ে। ই এনে কিছু দৈৱিক জীৱ বা জন্তুক সূচায় যাৰ ওপৰত হিন্দু দেৱ-দেৱীসকলে আৰোহণ কৰে। দেৱ-দেৱীসকলক প্ৰায়েই তেওঁলোকৰ নিজা বাহনসমূহত আৰোহিত অৱস্থাত চিত্ৰিত কৰা হয়। কেতিয়াবা বাহনসমূহ দেৱ-দেৱীসকলৰ কাষত থিয় দি থাকে। বাহনসমূহক প্ৰায়েই দেৱ-দেৱীৰ অভিন্ন সংগীৰূপে গণ্য কৰা হয়।[1] হিন্দু দেৱ-দেৱীসকলক তেওঁলোকৰ বাহনসমূহত হাওদাৰ ওপৰত বা মুক্তভাৱে বহি অথবা থিয় হৈ থকা দেখা যায়।[2] সংস্কৃত ভাষাত বহ শব্দৰ অৰ্থ হৈছে পিঠিত উঠি ঘূৰা।
ক্ষিপ্ৰ তথ্য দেশ, স্থান ...
মাতৃকাসকলে আৰোহণ কৰা গড়ুৰ, ময়ূৰ, বৃষভ নন্দী, হংস, মহিষ, হস্তী আৰু সিংহ | |
দেশ | ভাৰত |
---|---|
স্থান | হিন্দুধৰ্ম |
বন্ধ কৰক