ভগৱান
From Wikipedia, the free encyclopedia
একেশ্বৰবাদৰ মতে, ভগৱান (ইংৰাজী: God) হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়।[3] সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ (infinite knowledge), সৰ্ব শক্তিমান (unlimited power), সৰ্বত্ৰ বিৰাজমান (present everywhere), স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে। বহুতে ভগৱানক সৰ্ব গুণাকৰ (perfectly good), আৰু সৰ্ব প্ৰেমী বুলিও বৰ্ণনা কৰে। ভগৱানৰ প্ৰায়ে শৰীৰ বিহীন,[3] আৰু যিকোনো মানৱীয় জৈৱিক লিংগহীন বুলি গণ্য কৰা হয়,[4][5] তথাপিও প্ৰত্যক্ষভাৱে ভগৱানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰা ধাৰণা (পৰোক্ষভাৱে অসমৰ্থিত)[6] অনুসৰি বহুতো ধৰ্মত ভগৱানক উভয় লিংগবাচক নামেৰে হিচাপে বৰ্ণনা কৰা হয়, যেনে "তেওঁ" বা "পিতা" আদি। [সন্দেহজনক – আলোচনা] ইয়াৰোপৰি, কিছুমান ধৰ্মত (যেনে ইহুদী ধৰ্ম) ভগৱানক কেৱল এটা বিশুদ্ধ ব্যায়াকৰণিক ভগৱান "লিংগ" হিচাপে ধৰা দেখা যায়।[7]
theismৰ মতে, ভগৱান হৈছে ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা, আনহাতে deismৰ মতে, ভগৱান সৃষ্টিকৰ্তা, কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা নহয়। pantheismৰ মতে, ভগৱান নিজেই বিশ্বব্ৰহ্মাণ্ড। নাস্তিকতাবাদ মতে, ভগৱানৰ কোনো অস্তিত্ব নাই, আনহাতে অজ্ঞেয়বাদ অনুসৰি ভগৱান অজানা বা ভগৱান সম্পৰ্কে কোনেও একো নেজানে। ভগৱানক অমূৰ্ত (নিৰাকাৰ), এক ব্যক্তিগত সত্তা, সকলো নৈতিক কৰ্মৰ উৎস, আৰু "বৃহৎ বোধগম্য অস্তিত্ব" বুলিও ভবা হয়।[3] ভগৱানৰ অস্তিত্বৰ সমৰ্থন আৰু বিৰোধিতা কৰি বহু বিখ্যাত দাৰ্শনিকে বিভিন্ন ধৰণৰ যুক্তি সৃষ্টি কৰিছে।
ভগৱানক বহু নামেৰে জনা যায়, আৰু বিভিন্ন নামবোৰ ভগৱান পৰিচয় আৰু প্ৰকাশৰ বিভিন্ন সাংস্কৃতিক ধাৰণাৰ হৈতে সংযোজিত। এটেন ধৰ্মৰ পুৰণি ইজিপ্তিয়ান যুগত, সম্ভৱতঃ বৰ্তমানলৈকে আবিস্কৃত আটাইতকৈ পুৰণি একেশ্বৰবাদী ধৰ্মত, ভগৱানক এটেন বুলি কোৱা হৈছিল,[8] একমাত্ৰ "প্ৰকৃত" পৰম সত্তা আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ মান্যতা দিয়া হৈছিল।[9] হিব্ৰু বাইবেল আৰু ইহুদী ধৰ্মত, "তেঁৱেই যি জন", "ময়েই সেই মই", আৰু সেই টেট্ৰাগ্ৰামাটন YHWH (হিব্ৰু: יהוה, যাৰ অৰ্থ: "ময়েই সেই জন যিজন মই"; "তেওঁ যি বিৰাজমান") আদি শব্দৰে ভগৱানক বুজাইছিল, অন্যহাতে YHWHৰ ভাষান্তৰ হিচাপে খ্ৰীষ্টান ধৰ্মত কেতিয়াবা য়াহৱেহ আৰু যেহ'ৱাহ ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টান ট্ৰিনিটী সিদ্ধান্ত মতে, ভগৱান, তিনিজন ব্যক্তিৰূপত বিৰাজমান, যাক পিতা, পুত্ৰ, আৰু পবিত্ৰ আত্মা বুলি কোৱা হয়। ইহুদী ধৰ্মত ভগৱানক, নামমাত্ৰ নাম এল'হিম বা আড'নাইৰে বুজায়, কিছু বিশেষজ্ঞৰ মতে এই নামৰ অদ্যাক্ষৰ ইজিপ্তিয়ান এটেনৰ পৰা আহৰণ কৰা হৈছে।[10][11][12][13][14] ইছলামত ভগৱান বুজোৱা অসংখ্য নাম আছে, তাৰ ভিতৰত আল্লাহ, "আল-এল", বা "আল-এলাহ" ("ভগৱান") আদি বেছিকৈ ব্যৱহাৰ কৰে, হিন্দু ধৰ্মত, ব্ৰাহ্মণ শব্দটো প্ৰায়ে বেদান্তৰ দেৱতাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।[15] সেইদৰে, বাহাই ধৰ্মত বাহা,[16] শিখ ধৰ্মত ৱাহেগুৰু,[17] আৰু জ'ৰোৱাষ্ট্ৰিয়ান ধৰ্মত আহোৰা মাজদা বুলি কয়।[18]
ভগৱান সম্পৰ্কীয় বিভিন্ন মতবাদ, আৰু ভগৱানৰ বৈশিষ্ট, উদ্দেশ্য, আৰু কাৰ্যসমূহৰ প্ৰতিযোগিতামূলক দাবীবোৰে সমস্তবাদ, সৰ্বেশ্বৰবাদ,[19][20] আদি ধাৰণা বা এক চিৰস্থায়ী দৰ্শন বিকাশৰ দিশলৈ আগবঢ়াই নিয়ে, যি নিৰ্ণয় কৰে যে সকলো ধৰ্মই কেৱল এক আংশিক বোধগম্যতা প্ৰকাশ কৰে, আৰু যিয়ে "বিভিন্ন বিখ্যাত ধৰ্মসমূহৰ উপাসকসকলে এক প্ৰকাৰে সেই এজন ভগৱানকেই উপাসনা কৰে, কিন্তু যদিও ভিন্ন, তেওঁৰ সম্পৰ্কে ধাৰণা বা মানসিক চিত্ৰখন সানমিহলি হৈ থাকে। " এই সত্যটোকেই প্ৰতিপন্ন কৰে।[21]