একেশ্বৰবাদ
মাত্ৰ এজন ঈশ্বৰৰ প্ৰতি বিশ্বাসী / From Wikipedia, the free encyclopedia
একেশ্বৰবাদ (ইংৰাজী: Monotheism) এটি প্ৰচলিত ধৰ্মীয় ধাৰণা, যাৰ অৰ্থ হ'ল ঈশ্বৰৰ একত্ববাদত বিশ্বাসী অৰ্থাৎ মাত্ৰ এজন ঈশ্বৰৰ প্ৰতি বিশ্বাসী।[1][2] এই ধাৰণাত বিশ্বাসীসকলে সৃষ্টিকৰ্তা, লালনকৰ্তা, পালনকৰ্তা অথবা সংহাৰকৰ্তা হিচাপে এটা মাত্ৰ সত্তাত বিশ্বাসী আৰু তেওঁৰ আৰাধনা বা উপাসনা কৰি থাকে। খ্ৰীষ্টান ধৰ্ম, ইছলাম, ইহুদি ধৰ্ম, বাহাই ধৰ্ম, জৰাথ্ৰুষ্ট্ৰ ধৰ্ম, শৈৱ ধৰ্ম, শিখ ধৰ্ম, বৈষ্ণৱ ধৰ্ম প্ৰভৃতি হ'ল একশ্বৰবাদী ধৰ্ম।[3]