শীলা দীক্ষিত
ভাৰতীয় ৰাজনীতিবিদ আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী / From Wikipedia, the free encyclopedia
শীলা দীক্ষিত (৩১ মাৰ্চ ১৯৩৮ – ২০ জুলাই ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিবাহ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী। তেওঁ ১৯৯৮ৰ পৰা ২০১৩লৈ সেই পদত অধিষ্ঠিত আছিল। শীলা দীক্ষিতৰ নেতৃত্বত কংগ্ৰেছ দলে তিনিবাৰকৈ ধাৰাবাহিক বিজয় লাভ কৰিছিল। ২০১৩ চনত দিল্লী বিধানসভা নিৰ্বাচনত তেখেতে আম আদমি পাৰ্টিৰ হাতত পৰাজিত হয়।
ক্ষিপ্ৰ তথ্য শীলা দীক্ষিত, দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ...
শীলা দীক্ষিত | |
---|---|
দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী | |
কাৰ্যকাল জানুৱাৰী ১০, ২০১৯ (2019-01-10) – ২০ জুলাই ২০১৯ | |
ৰাষ্ট্ৰীয় সভাপতি | ৰাহুল গান্ধী |
পূৰ্বসূৰী | অজয় মাকেন |
কেৰালাৰ ৰাজ্যপাল | |
কাৰ্যকাল মাৰ্চ ১১, ২০১৪ (2014-03-11) – আগষ্ট ২৫, ২০১৪ (2014-08-25) | |
পূৰ্বসূৰী | নিখিল কুমাৰ |
উত্তৰসূৰী | পি. শতশিৱম[1] |
দিল্লীৰ ৬ষ্ঠ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ডিচেম্বৰ ৩, ১৯৯৮ (1998-12-03) – ডিচেম্বৰ ২৮, ২০১৩ (2013-12-28) | |
পূৰ্বসূৰী | সুষমা স্বৰাজ |
উত্তৰসূৰী | অৰবিন্দ কেজৰিৱাল |
দিল্লী বিধানসভাৰ বিধায়িকা গ’ল মাৰ্কেট (১৯৯৮–২০০৮) | |
কাৰ্যকাল ডিচেম্বৰ ৩, ১৯৯৮ (1998-12-03) – ডিচেম্বৰ ৩, ২০০৮ (2008-12-03) | |
পূৰ্বসূৰী | কিৰ্তি আজাদ |
উত্তৰসূৰী | সমষ্টি পৰিসীমিত |
দিল্লী বিধানসভাৰ বিধায়িকা নতুন দিল্লী (২০০৮-২০১৩) | |
কাৰ্যকাল ডিচেম্বৰ ৪, ২০০৮ (2008-12-04) – ডিচেম্বৰ ২৮, ২০১৩ (2013-12-28) | |
পূৰ্বসূৰী | সমষ্টি সৃষ্টি |
উত্তৰসূৰী | অৰবিন্দ কেজৰিৱাল |
লোকসভাৰ সাংসদ কনৌজ | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
পূৰ্বসূৰী | ছত্তী সিং যাদৱ |
উত্তৰসূৰী | ছত্তী সিং যাদৱ |
ভাৰতৰ প্ৰতিনিধি ৰাষ্ট্ৰসংঘৰ নাৰী মৰ্য্যদা আয়োগ | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী |
সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
প্ৰধানমন্ত্ৰী | ৰাজীৱ গান্ধী |
ব্যক্তিগত তথ্য | |
জন্ম | ৩১ মাৰ্চ, ১৯৩৮ (৮৬ বছৰ) কাপুৰথালা, পঞ্জাব, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২০ জুলাই, ২০১৯ (৮১ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | বিনোদ দিক্ষিত |
সন্তান | সন্দীপ দিক্ষিত লতিকা দিক্ষিত চৈয়দ |
শিক্ষানুষ্ঠান | মিৰাণ্ডা হাউছ, দিল্লী বিশ্ববিদ্যালয় |
বন্ধ কৰক
তাৰপিছত তেওঁ ২০১৪ চনৰ ১৩ মাৰ্চৰ পৰা কেৰালাৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ হাতত লয়।[2] অৱশ্যে তেখেতে ২০১৪ চনৰ ২৫ আগষ্টত সেই পদৰ পৰা পদত্যাগ কৰে। তেওঁক ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছিল যদিও তেওঁ নিজৰ নাম প্ৰত্যাহাৰ কৰে। ২০১৯ চনৰ ১০ জানুৱাৰীৰ দিনা তেওঁক দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিয়োগ কৰা হয়।[3]