ৰাজীৱ গান্ধী
১৯৮৪-১৯৮৯লৈ প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্য / From Wikipedia, the free encyclopedia
ৰাজীৱ ৰত্ন গান্ধী (ইংৰাজী: Rajiv Gandhi ( উচ্চাৰণ (সহায়·তথ্য)) ভাৰতবৰ্ষৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মন ভাৰত-ৰত্ন উপাধিৰে তেওঁক সন্মনিত কৰে[1]।
ৰাজীৱ ৰত্ন গান্ধী | |
---|---|
ষষ্ঠ ভাৰতৰ প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ৩১ অক্টোবৰ ১৯৮৪ – ২ ডিচেম্বৰ ১৯৮৯ | |
ৰাষ্ট্ৰপতি | জাইল সিং ৰামস্বামী ভেংকটৰমন |
পূৰ্বসূৰী | ইন্দিৰা গান্ধী |
উত্তৰসূৰী | ভি পি সিং |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৫ জুলাই, ১৯৮৭ – ২৫ জুন, ১৯৮৮ | |
পূৰ্বসূৰী | নাৰায়ণ দত্ত তিৱাৰী |
উত্তৰসূৰী | পি. ভি. নৰসিংহ ৰাও |
কাৰ্যকাল ৩১ অক্টোবৰ ১৯৮৪ – ২৫ ছেপ্তেম্বৰ ১৯৮৫ | |
পূৰ্বসূৰী | ইন্দিৰা গান্ধী |
উত্তৰসূৰী | বালি ৰাম ভগত |
বিত্ত মন্ত্ৰী | |
কাৰ্যকাল ২৪ জানুৱাৰী, ১৯৮৭ – ২৫ জুলাই, ১৯৮৭ | |
পূৰ্বসূৰী | ভি পি সিং |
উত্তৰসূৰী | নাৰায়ণ দত্ত তিৱাৰী |
প্ৰতিৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ২৫ ছেপ্তেম্বৰ ১৯৮৫ – ২৪ জানুৱাৰী, ১৯৮৭ | |
পূৰ্বসূৰী | পি. ভি. নৰসিংহ ৰাও |
উত্তৰসূৰী | ভি পি সিং |
ব্যক্তিগত তথ্য | |
জন্ম | ২০ আগষ্ট, ১৯৪৪ বম্বে, ব্ৰিটিছ ইণ্ডিয়া |
মৃত্যু | ২১ মে', ১৯৯১ (৪৬ বছৰ) শ্ৰীপেৰুম্বুদূৰ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ছোনিয়া গান্ধী |
সন্তান | ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী |
শিক্ষানুষ্ঠান | ত্ৰিনিটি কলেজ, কেমব্ৰিজ ইম্পেৰিয়েল কলেজ, লণ্ডন |
ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীৰ বৰপুত্ৰ আছিল। তেওঁ ট্ৰিনিটি কলেজ, কেমব্ৰিজ আৰু তাৰ পিছত লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোঁতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, এণ্ট'নিয়া এলবিনা মাইন' লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ ইণ্ডিয়ান এয়াৰলাইঞ্চৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কনিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।