চণ্ডীগড়
উত্তৰ ভাৰতৰ এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল / From Wikipedia, the free encyclopedia
চণ্ডীগড় (ইংৰাজী: Chandigarh) উত্তৰ ভাৰতত অৱস্থিত এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ই চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী। এই চহৰ দুয়োখন ৰাজ্যৰে অংশ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শাসন চলায়।
চণ্ডীগড় | |
---|---|
— চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল† — | |
Open Hand monument, Chandigarh.jpgমুক্তহস্ত সৌধ | |
অন্য নাম: সৌন্দৰ্যৰ চহৰ | |
ভাৰতৰ মানচিত্ৰত অৱস্থান | |
দেশ | ভাৰত |
কেন্দ্ৰীয় শাসিত অঞ্চল গঠন†† |
১ নৱেম্বৰ ১৯৬৬ |
চৰকাৰ | |
- প্ৰকাৰ | কেন্দ্ৰীয় শাসিত অঞ্চল পৌৰসভা |
- প্ৰশাসক | বিজয়েন্দ্ৰপাল সিং |
- মেয়ৰ | ৰাজেশ কুমাৰ কালিয়া |
- জ্যেষ্ঠ উপ মেয়ৰ | গুৰপ্ৰীত সিং |
- উপ মেয়ৰ | বিনোদ আগৰৱালা |
মাটিকালি | |
- কেন্দ্ৰীয় শাসিত অঞ্চল | ১১৪ কি.মি.২ (৪৪ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ৩৪তম |
উচ্চতা | ৩২১ মিটাৰ (১,০৫৩.১৫ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- কেন্দ্ৰীয় শাসিত অঞ্চল | ১০,৫৫,৪৫০ জন |
- জনঘনত্ব | ৯,২৫৮.৩ প্ৰতি বৰ্গ কি.মি. (২৩,৯৮৮ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ[2] | ১০,২৫,৬৮২ (৫১st) জন |
- চহৰাঞ্চল[3] | ১৬,১১,৭৭০ জন |
ভাষা | |
- চৰকাৰী | ইংৰাজী ভাষা[4] |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+৫:৩০) |
পিনক'ড | ১৬০XXX |
টেলিফোন কোড | +৯১-১৭২-XXX-XXXX |
আই এচ অ’ ৩১৬৬ কোড | IN-CH |
যানবাহনৰ নম্বৰ | CH-01 (বৰ্তমান), CH-02 (বাণিজ্যিক বাহন আৰু টেক্সি), CH-03, CH-04 (ৰেহাই প্ৰাপ্ত) |
সাক্ষৰতা হাৰ | ৮৬.০৫% |
মানৱ উন্নয়ন সূচক (২০১৭) | ০.৭৭৪[5] (উচ্চ) · দ্বিতীয় স্থান |
ৱেবছাইট | chandigarh |
†চণ্ডীগড় চহৰ গোটেই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটিকালি আৱৰি আছে †† পঞ্জাব পুনৰগঠন আইন ১৯৬৬ ৰ ষষ্ঠ অনুসূচী মতে |
চণ্ডীগড়ৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত পঞ্জাব আৰু পূব দিশত হাৰিয়ানা অৱস্থিত। ইয়াক চণ্ডীগড় ৰাজধানী অঞ্চলৰ অংশ হিচাপে ধৰা হয়। এই অঞ্চলত হাৰিয়ানাৰ পঞ্চকুলা চহৰ আৰু পঞ্জাবৰ খাৰাৰ, খুৰলী, মোহালী আৰু জিৰকপুৰ অৱস্থিত। চণ্ডীগড় ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ১৬২ কিলোমিটাৰ উত্তৰত আৰু অমৃতসৰৰ পৰা ২৯৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত।
ভাৰতৰ স্বাধীনতাৰ আগতে পৰিকল্পিত চহৰ হিচাপে ইয়াৰ স্থাপত্য আৰু চহৰীয়া নক্সাৰ বাবে গোটেই বিশ্বতে জনাজাত।[6] চুইছ-ফ্ৰেন্স স্থাপত্যবিদ লী ক'ৰবাজিয়ে চণ্ডীগড়ৰ মুখ্য স্থাপত্যবিদ আছিল। চণ্ডীগড়ৰ বেছিভাগ চৰকাৰী ভৱন তেওঁৰ দলে নিৰ্মাণ কৰিছিল।
২০১৬ চনৰ জুলাই মাহত চণ্ডীগড় ৰাজধানী অঞ্চলক ইষ্টানবুলত অনুষ্ঠিত ইউনেস্কোৰ ৪০তম অধিবেশনত "লী ক'ৰবাজিয়েৰ স্থাপত্য আৰু আধুনিক জগতলৈ তেওঁৰ অতুলনীয় অৱদান" হিচাপে বিশ্ব ঐতিহ্যবাহী স্থানত অন্তৰ্ভুক্ত কৰা হয়। চণ্ডীগড় ৰাজধানী অঞ্চলত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়, পঞ্জাব আৰু হাৰিয়ানা সচিবালয়, পঞ্জাব আৰু হাৰিয়ানা বিধানসভাৰ লগতে মুক্তহস্ত সৌধ, ছহিদ স্মৃতিক্ষেত্ৰ, জ্যামিতিক পাহাৰ, ছাঁৰ স্তম্ভ আৰু শিল উদ্যান অন্তৰ্ভুক্ত।
চণ্ডীগড়ৰ জনমুৰী আয় দেশৰ ভিতৰতে সৰ্বাধিকৰ অন্যতম। ই ভাৰতৰ আটাইতকৈ স্বচ্ছ চহৰ।[7][8] মানৱ উন্নয়ন সূচাংকতো ইয়াৰ ফলাফল যথেষ্ট সন্তোষজনক।[9] ২০১৫ চনৰ এক সমীক্ষা অনুসৰি ই ভাৰতৰ আটাইতকৈ সুখী চহৰ।[10][11]