দ্ৰৌপদী মূৰ্মু
ভাৰতৰ ৰাষ্ট্ৰপতি / From Wikipedia, the free encyclopedia
দ্ৰৌপদী মূৰ্মু (ইংৰাজী: Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি।[2] ৰামনাথ কোবিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।[3] ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা। ইয়াৰ লগতে তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল।[4] তেওঁ ওড়িশা বিধানসভাৰ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ সংমিলিত চৰকাৰত তেওঁ বাণিজ্য আৰু পৰিবহন বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু মীন,পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী পদতো কাৰ্যনিৰ্বাহ কৰিছিল।[5]
দ্ৰৌপদী মূৰ্মু | |
---|---|
ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৫ জুলাই, ২০২২ | |
পূৰ্বসূৰী | ৰাম নাথ কোবিন্দ |
ওড়িশা বিধানসভাৰ সদস্য | |
কাৰ্যকাল ২০০০ – ২০০৯ | |
পূৰ্বসূৰী | লক্ষ্মণ মাঝি |
উত্তৰসূৰী | শ্যাম চৰণ হান্সদাহ |
ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য | |
কাৰ্যকাল ২০০৯ – ১৮ মে' ২০১৫ | |
ঝাৰখণ্ডৰ অষ্টম ৰাজ্যপাল | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৮ মে' ২০১৫ | |
পূৰ্বসূৰী | চৈয়দ আহমেদ |
ব্যক্তিগত তথ্য | |
জন্ম | ২০ জুন, ১৯৫৮ (৬৫ বছৰ) ময়ূৰভঞ্জ, ওড়িশা, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | শ্যাম চৰণ মূৰ্মু[1] |
সন্তান | ৩ |
শিক্ষানুষ্ঠান | ৰামা দেৱী মহিলা মহাবিদ্যালয়, ভুৱনেশ্বৰ |
জীৱিকা | ৰাজনীতিবিদ |
ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে, তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ ৰাজ্যিক জলসিঞ্চন আৰু শক্তি বিভাগত কনিষ্ঠ সহায়ক হিচাপে কাম কৰিছিল, আৰু তাৰ পিছত ১৯৯৭ চনলৈকে ৰায়ৰংপুৰৰ শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল শিক্ষা কেন্দ্ৰত শিক্ষক হিচাপে কাম কৰিছিল। ২০২২ চনৰ জুন মাহত বিজেপিয়ে মুৰ্মুক ২০২২ চনৰ নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে।[6] ২০২২ চনৰ জুলাই মাহত তেওঁ দেশৰ সৰ্বকনিষ্ঠ নিৰ্বাচিত ৰাষ্ট্ৰপতি হয়। তেওঁ হৈছে ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথম জনজাতীয় ৰাজনীতিবিদ।[7]