বড়ো ভাষা
অসমৰ ভাষা / From Wikipedia, the free encyclopedia
বড়ো ভাষা (দেৱনাগৰী: बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা। বড়ো ভাষী লোক অসমৰ উপৰিও পশ্চিমবংগ, নেপাল, ভূটান আৰু বাংলাদেশ পৰ্য্যন্ত ব্যাপ্ত বুলি জনা যায়। বড়ো এটা চীন-তিব্বতীয় মূলৰ তিব্বত-বৰ্মা পৰিয়ালৰ ভাষা আৰু উত্তৰ-পূব ভাৰতৰ আন সকলো তিব্বত-বৰ্মীয় ভাষাৰ ভিতৰত এই ভাষা কওঁতাৰ সংখ্যা বেছি। ২০০১ চনৰ তথ্যমতে ভাৰতত বড়ো ভাষা কোৱা লোকৰ জনসংখ্যা হ'ল ১,৩৫০,৪৭৮জন আৰু নেপালত ৩,৩০১ জন।
বড়ো | |
---|---|
बर’ | |
থলুৱা অঞ্চল | উত্তৰ-পূব ভাৰত |
জাতীয়তা | বড়ো জনগোষ্ঠী |
স্থানীয় ভাষিক |
১৫.৪০ লাখ (২০০৭) |
ভাষা পৰিয়াল |
চীনা-তিব্বতীয়
|
ভাষা সংকেত | |
ISO 639-3 | brx |
বড়ো ভাষা বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ চৰকাৰী ভাষা আৰু ভাৰতৰ ৰাজ্য অসমৰ সহ-চৰকাৰী ভাষা।[1] ই ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত ২২টা ভাষাৰ ভিতৰত এটা।[2] ১৯৭৫ চনৰ পৰা এই ভাষা লিখিবলৈ দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়। ইয়াক পূৰ্বতে ৰোমান আৰু অসমীয়া–বঙালী লিপি ব্যৱহাৰ কৰি লিখা হৈছিল। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে যে ভাষাটোৰ অতিজতে দেওধাই লিপিৰে লিখা হৈছিল যি বৰ্তমানে লুপ্ত।[3]