মুহাম্মাদ
ইছলমী বিশ্বাসমতে আল্লাহৰ দ্বাৰা প্ৰেৰিত সৰ্ৱশেষ নবী / From Wikipedia, the free encyclopedia
মুহাম্মাদ[4] (২৯ আগষ্ট ৫৭০[2] – ৮ জুন ৬৩২;[5] মোহাম্মাদ আৰু মহম্মদ নামেও পৰিচিত; সম্পূৰ্ণ নাম: আবু আল-কাশ্বিম মুহাম্মাদ ইবনে আব্দুল্লাহ ইবনে আব্দল মুত্তালিব ইবনে হাশ্বিম) হ'ল ইছলাম ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব আৰু ইছলমী বিশ্বাসমতে আল্লাহ (ইছলাম ধৰ্মত ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সৰ্ৱশেষ নবী[6][n 1][n 2] তথা "বাৰ্তাবাহক" (আৰ-ৰাছুল) যাৰ ওপৰত ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ আল-কোৰআন অৱতীৰ্ণ হৈছে। অমুছলিম সকলৰ মতে তেখেত ইছলামী জীৱন ব্যৱস্থাৰ প্ৰৱৰ্তক।[7] অধিকাংশ ইতিহাসবিদ আৰু বিশেষজ্ঞ সকলৰ মতে[8][9] মুহাম্মাদ (ছাঃ) আছিল পৃথিৱীৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় নেতা।[10][11][12][13][14] তেখেতৰ এই বিশেষত্বৰ অন্যতম কাৰণ হৈছে আধ্যাত্মিক আৰু জাগতিক উভয় জগতেই চূড়ান্ত সফলতা অৰ্জন। তেখেত ধৰ্মীয় জীৱনত যেনেকৈ সফল তেনেকৈৱেই ৰাজনৈতিক জীৱনতো। সমগ্ৰ আৰৱ বিশ্বৰ জাগৰণৰ পথিকৃৎ হিচাপে তেখেত অগ্ৰগণ্য;[15] বিবদমান আৰৱ জনতাক একীভূতকৰণ তেখেতৰ জীৱনৰ অন্যতম সফলতা।[16][17]
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ইছলামৰ নবী মুহাম্মাদ (চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম)[1] | |
---|---|
আৰবী কেলিগ্ৰাফিত লিখিত মুহাম্মাদ (ছাঃ)-ৰ নাম | |
জন্ম | মুহাম্মাদ ইবনে আব্দুল্লাহ ২৯ আগষ্ট, ৫৭০[2] মক্কা, আৰৱ (বৰ্তমানৰ মক্কা, মক্কা প্ৰদেশ, চৌদি আৰৱ) |
মৃত্যু | ৮ জুন, ৬৩২ (৬২ বছৰ) ইয়াছৰিব (মদিনা), আৰৱ (বৰ্তমানৰ মদিনা, হেজাজ, চৌদি আৰৱ) |
মৃত্যুৰ কাৰণ | অসুস্থতা (প্ৰবল জ্বৰ) |
সমাধিস্থল | মছজিদে নববীৰ সেউজীয়া গম্বুজৰ তলৰ সমাধিক্ষেত্ৰ, স্থান :মদিনা, চৌদি আৰৱ |
অন্য নাম | আহমাদ, আবুল কাছিম, আল আমিন (ৰাছুল, নবী) |
বংশদ্ভূত | আৰৱ |
ধৰ্ম | ইছলাম |
দাম্পত্যসঙ্গী | খাদিজা বিনতু খুওয়াইলিদ (ৰাঃ) (৫৯৫-৬১৯) ছাওদা বিনতু জামা (ৰাঃ) (৬১৯-৬৩২) আয়িশ্বা (ৰাঃ) (৬১৯-৬৩২) হাফছা বিনতে উমৰ (ৰাঃ) (৬২৪-৬৩২) জয়নব বিনতে খুযায়মা (ৰাঃ) (৬২৫-৬২৭) উম্মে ছালামা হিন্দ বিনতু আবি উমাইয়া (ৰাঃ) (৬২৯-৬৩২) জয়নব বিনতে জাহশ্ব( (৬২৭-৬৩২) জুওয়াইৰিয়া বিনতে আল-হাৰিস (ৰাঃ) (৬২৮-৬৩২) ৰামালাহ বিনতে আবি-ছুফিয়ান (ৰাঃ) (৬২৮-৬৩২) ৰায়হানা বিনতে জায়েদ (ৰাঃ) (৬২৯-৬৩১) ছাফিয়া বিনতে হুওয়াই (ৰাঃ) (৬২৯-৬৩২) মাইমুনা বিনতে আল-হাৰিছ (ৰাঃ) (৬৩০-৬৩২) মাৰিয়া আল-কিবতিয়া (ৰাঃ) (৬৩০-৬৩২) |
পিতৃ-মাতৃ | পিতৃ: আব্দুল্লাহ ইবনে আব্দুল মুত্তালিব মাতৃ: আমিনা |
সন্তান | পুত্ৰসকল: কাছিম, আব্দুল্লাহ, ইব্ৰাহিম কন্যাসকল: জয়নব, ৰুকাইয়াহ, উম্মে কুলছুম, ফাতিমা |
আত্মীয়-স্বজন | আলী, উমৰ, আবু বকৰ, আবু ছুফিয়ান |
স্বাক্ষৰ | |
টোকা ওপৰৰ ফটোখনত মিচৰৰ মুকাউকিছক লিখিত চিঠিত মুহাম্মাদ (ছাঃ)-ৰ গোলাকাৰ চীলমোহৰ দেখা গৈছে (১৯০৪ চনত অঙ্কিত মূল চিঠিৰ অনুলিপন)[3] |