সত্ৰ
অসমীয়া নৱবৈষ্ণৱ ধর্মীয় আনুষ্ঠানিক কেন্দ্ৰ / From Wikipedia, the free encyclopedia
"সত্ৰ" হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান[1]। ইষ্টদেৱতাক উপাসনা কৰা, ধৰ্মীয় তত্ত্ব চৰ্চা কৰা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ ঘাই লক্ষ্য।[2] ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগতে পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল[3]। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে[4]।