ৱিকিপিডিয়া:ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী
From Wikipedia, the free encyclopedia
ক্ষীপ্ৰ বিলোপনৰ মাপকাঠীয়ে একমাত্ৰ এই বিষয়টোক সূচায়, য'ত প্ৰশাসকসকলে তেওঁলোকৰ বিবেচনা অনুসৰি বিলোপনৰ আলোচনাক উপেক্ষা কৰিবলৈ আৰু তৎক্ষণাৎ ৱিকিপিডিয়া পৃষ্ঠা বা মিডিয়া বিলোপ কৰিবলৈ বিস্তৃত ঐক্যমত পোষণ কৰে। তেওঁলোকে কেৱল নিম্লোল্লিখিত নিৰ্ধাৰিত বিষয়বোৰ সামৰি লয়।
এই ৱিকিপিডিয়া পৃষ্ঠাটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৱিকিপিডিয়াৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক। |
আপুনি কিবা প্ৰশ্নৰ উত্তৰ বা সহায় বিচাৰিছে নেকি? হয়, মোক সহায় লাগে |
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
Deletion templates (policy · log) |
{{copyvio}}Copyvios (howto · log) |
Articles (howto · log) |
{{relist}} · {{subst:prod|why}} |
Templates (howto · log) |
{{tfd|template}} |
Categories (howto · log) |
{{cfdnotice}} · {{cfr-speedy}} {{subst:cfm| }} · {{subst:cfr| }} |
Stub types |
{{sfd-t}} · {{sfd-c}} · {{sfd-r}} |
Mergers |
{{merge}} |
Page moves |
{{subst:move|Newname}} |
Speedy |
{{db-author}} · {{db-web}} |
Unfree files |
{{puf}} · {{Ffd}} |
Transwiki (howto · log) |
{{Copy to Meta}} |
বিলোপন লুটিয়াব পাৰি, কিন্তু কেৱল প্ৰশাসকৰ দ্বাৰাহে ই সম্ভৱ। সেয়েহে আলোচনাৰ পিছতহে আন বিলোপন কৰা হয়। ক্ষীপ্ৰ বিলোপনৰ উদ্দেশ্য হৈছে পৃষ্ঠা বা মিডিয়াৰ বাবে বিলোপন আলোচনাৰ ব্যৱহাৰিত সুযোগ নোহোৱাকৈ আলোচনাৰ সময় হ্ৰাস কৰা।[1]
প্ৰশাসকসকলে অতি স্পষ্ট বিষয়ৰ বাহিৰে পৃষ্ঠা বা মিডিয়া ক্ষীপ্ৰতাৰে বিলোপ নকৰিবলৈ যত্ন লোৱা উচিত। যদি পৃষ্ঠা এটা ইয়াৰ আটাইতকৈ শেহতীয়া বিলোপন আলোচনাৰ পৰা বাচি আছে, ইয়াক সাধাৰণতে নতুনকৈ আৱিষ্কৃত কপিৰাইট উলংঘনৰ বাহিৰে ক্ষীপ্ৰতাৰে বিলোপ কৰিব নালাগে। অৱদানকাৰীসকলে কেতিয়াবা কেইবাটাও সম্পাদনাৰ যোগেদি পৃষ্ঠা সৃষ্টি কৰে। সেয়েহে প্ৰশাসকসকলে পৃষ্ঠা এটা সৃষ্টি কৰাৰ পিছ মুহূৰ্ত্ততে অসম্পূৰ্ণ যেন লাগিলেও পৃষ্ঠা এটা বিলোপ কৰা পৰিহাৰ কৰিব লাগে।
যিকোনো এজনে ক্ষীপ্ৰ বিলোপনৰ সাঁচ এটা যোগ কৰি ক্ষীপ্ৰ বিলোপনৰ অনুৰোধ কৰিব পাৰে। ক্ষীপ্ৰ বিলোপনৰ বাবে পৃষ্ঠা এটা মনোনীত কৰাৰ আগতে ইয়াক উন্নত কৰিব পাৰিনে, পোখালিলৈ চমুৱাব পাৰিনে, আন ঠাইত একত্ৰিত বা পুনঃনিৰ্দেশিত কৰিব পাৰিনে, উন্নত পূৰ্বৱৰ্তী সংশোধনলৈ ঘূৰি যাব পাৰে নে অথবা আন ধৰণে তাক উন্নত কৰিব পাৰিনে, বিবেচনা কৰিব লাগে। ক্ষীপ্ৰ বিলোপনৰ বাবে পৃষ্ঠা এটা মনোনীত কৰা সদস্যসকলে কি কাৰণত পৃষ্ঠাটো বিলোপ কৰিব লাগে, সেই সম্পৰ্কে পৃষ্ঠাটোৰ সৃষ্টি কৰোঁতা আৰু মুখ্য অৱদানকাৰীসকলক অৱগত কৰাৰ বিষয়ে বিবেচনা কৰা উচিত।
পৃষ্ঠা এটাৰ সৃষ্টি কৰোঁতাই ইয়াৰ পৰা ক্ষীপ্ৰ বিলোপন টেগ আঁতৰাব নোৱাৰে। কেৱল বেলেগ এজন সম্পাদকহে এনে কৰিব পাৰে। ক্ষীপ্ৰ বিলোপনৰ সৈতে সহমত নোহোৱা সৃষ্টি কৰোঁতাই ক্ষীপ্ৰ বিলোপন টেগৰ ভিতৰতে থকা এই ক্ষিপ্ৰ বিলোপনৰ আপত্তি দৰ্শাবৰ বাবে ইয়াত ক্লিক কৰক বুটামটো টিপিব পাৰে। পৃষ্ঠাটো কিয় বিলোপ কৰিব নালাগে, এই কথা বাখ্যা কৰিবলৈ বুটামটোৱে পূৰ্ব-সজ্জিত স্থানেৰে এখন আলোচনা পৃষ্ঠাৰ সৈতে সংযোগ কৰিব। অৱশ্যে যদি একমাত্ৰ অৱদানকাৰীয়ে সদস্য পৃষ্ঠা বা শ্ৰেণী পৃষ্ঠাৰ বাহিৰে আন এটা পৃষ্ঠা খালী কৰে, তেন্তে ইয়াক বিলোপন অনুৰোধ হিচাপে গণ্য কৰি ইয়াত {{db-blanked}} টেগ লগাব পাৰি। (G7 চাওক)।
ক্ষীপ্ৰ বিলোপনৰ বাদেও বিলোপনৰ বাবে তলত দিয়া পদ্ধতিসমূহো আছে:
- বিলোপন আলোচনা, বিলোপনৰ সাধাৰণ পদ্ধতি।
- প্ৰস্তাৱিত বিলোপন, মনোনীত পৃষ্ঠাৰ বাবে অবিতৰ্কিত পদ্ধতি।
- আধিকাৰিক কাৰ্য-ব্যৱস্থা, ফাউণ্ডেচনৰ কৰ্মকৰ্তাৰ দ্বাৰা কৰা বিৰল, জৰুৰী আৰু গুৰুত্বপূৰ্ণ বিলোপনৰ বাবে, যিবোৰ সাধাৰণতে আইনী সমস্যাৰ সৈতে জড়িত।