অসম বিধানসভা
From Wikipedia, the free encyclopedia
অসম বিধানসভা (ইংৰাজী: Assam Legislative Assembly) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা। অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি। অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত। এই সদস্য সকলক পোনপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয়। অসম বিধানসভাৰ সম্পূৰ্ণ কাৰ্যকাল ৫ (পাঁচ) বছৰ কিন্তু যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ নতুবা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দ্বাৰা এই সভা ভঙ্গ কৰিব পাৰি।
ক্ষিপ্ৰ তথ্য অসম বিধানসভা Assam Legislative Assembly, ধৰন ...
অসম বিধানসভা Assam Legislative Assembly | |
---|---|
১৪তম বিধানসভা | |
ধৰন | |
ধৰন | এককক্ষীয় |
নেতা | |
বিধানসভাৰ অধ্যক্ষ | বিশ্বজিৎ দৈমাৰী, ভাৰতীয় জনতা পাৰ্টি ২০২১ |
মুখ্যমন্ত্ৰী | হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টি ২০২১ |
বিৰোধী দলপতি | দেৱব্ৰত শইকীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ ২০২১ |
গঠন | |
সদস্য | ১২৬ জন |
ৰাজনৈতিক দলসমূহ | চৰকাৰ (৭৫)
এন ডি এ (৭৯) বিৰোধী (৫১) ইউ পি এ (৫০) অন্যান্য (১)
|
নিৰ্বাচন | |
নিৰ্বাচন পদ্ধতি | First-past-the-post |
বিগত নিৰ্বাচন | ২০২১ |
সভাৰ স্থান | |
অসম বিধানসভা ভৱন, দিশপুৰ, গুৱাহাটী, অসম, ভাৰত - ৭৮১০০৬. | |
ৱেবছাইট | |
http://assamassembly.nic.in |
বন্ধ কৰক