অসম চৰকাৰ
From Wikipedia, the free encyclopedia
অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৩খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। জগদীশ মুখী হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল।[1] আনহাতে মুখ্যমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান, তেখেতৰ হাততেই ৰাজ্যৰ প্ৰকৃত শাসনক্ষমতা ন্যস্ত থাকে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।[2] অসমৰ মুঠ ১২৬ জন বিধান সভাৰ সংখ্যাগৰিষ্ঠ সদস্যসকলক তেওঁ নেতৃত্ব প্ৰদান কৰে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য মুখ্য চৰকাৰী কাৰ্যালয়, ৰাজ্যপাল ...
মুখ্য চৰকাৰী কাৰ্যালয় | দিশপুৰ |
---|---|
ৰাজ্যপাল | জগদীশ মুখী[1] |
মুখ্যমন্ত্ৰী | হিমন্ত বিশ্ব শৰ্মা[2] |
সদন | |
অধ্যক্ষ | বিশ্বজিৎ দৈমাৰী[3] |
উপাধ্যক্ষ | নোমল মোমিন |
সদনৰ সদস্যবৃন্দ | ১২৬ |
উচ্চ ন্যায়ালয় | গুৱাহাটী উচ্চ ন্যায়ালয় |
মুখ্য ন্যায়াধীশ | সুধাংশু ধুলীয়া[4] |
বন্ধ কৰক