কম্পিউটাৰ
গাণিতিক বা যুক্তিসংগত কাৰ্য্য সম্পাদন কৰাৰ বাবে স্বয়ংক্ৰিয় সাধাৰণ উদ্দেশ্যৰ যন্ত্ৰ / From Wikipedia, the free encyclopedia
কম্পিউটাৰ এক সঁজুলি যাক নিৰ্দেশ দি স্বয়ংক্ৰিয়ভাৱে গাণিতিক আৰু যৌক্তিক কাৰ্যপ্ৰণালী সমাধা কৰিব পাৰি। আধুনিক কম্পিউটাৰে প্ৰ'গ্ৰাম নামৰ কিছুমান নিৰ্দেশাৱলী অনুসৰণ কৰিব পাৰে। ইয়াৰ সহায়ত কম্পিউটাৰে ভিন ভিন প্ৰকাৰৰ অসংখ্য কাম কৰিব পাৰে। ইয়াৰ অসমীয়া নাম হৈছে পৰিকলন যন্ত্ৰ।
কম্পিউটাৰক বহু ঔদ্যোগিক আৰু উপভোক্তাৰ সঁজুলিৰ বাবে নিয়ন্ত্ৰণ প্ৰণালী হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে সাধাৰণ বিশেষ কামৰ সঁজুলি যেনে মাইক্ৰ'ৱেভ অ'ভেন আৰু ৰিম'ট কণ্ট্ৰ'ল, ঔদ্যোগিক সঁজুলি যেনে ঔদ্যোগিক ৰ'ব'ট, আৰু লগতে সাধাৰণ ব্যৱহাৰৰ সঁজুলি যেনে ব্যক্তিগত কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ দৰে ম'বাইল সঁজুলি।
প্ৰাৰম্ভিক কম্পিউটাৰক কেৱল গণনাৰ সঁজুলি বুলি গণ্য কৰা হৈছিল। প্ৰাচীন কালৰে পৰা গণনা কৰিবলৈ মানুহে এবেকাছৰ দৰে সৰল সঁজুলিৰ সহায় লৈছিল। ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিৰ কালত দীঘলীয়া কাম স্বয়ংক্ৰিয়ভাৱে কৰিবলৈ কিছুমান সঁজুলি সজা হৈছিল। বিংশ শতিকাৰ আগছোৱাত এনালগ গণনাৰ বাবে অলপ উচ্চখাপৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে প্ৰথম ডিজিটেল বৈদ্যুতিন গাণনিক সঁজুলি উদ্ভাৱন কৰা হৈছিল। তেতিয়াৰ পৰা কম্পিউটাৰৰ গতি, ক্ষমতা আৰু কুশলতাৰ বহু বিকাশ সাধন হৈছে।
পৰম্পৰাগতভাৱে আধুনিক কম্পিউটাৰত কমেও এটা চেণ্ট্ৰেল প্ৰচেছিং ইউনিট (CPU)-ৰ দৰে প্ৰচেছিং অংশ আৰু কোনো প্ৰকাৰৰ স্মৃতি থাকে। প্ৰচেছিং অংশই গাণিতিক আৰু যৌক্তিক কাম সম্পাদন কৰে, আৰু এটা ছিকুৱেন্সিং আৰু নিয়ন্ত্ৰণ অংশই সাঁচি থোৱা তথ্য অনুসৰি কামৰ পদ্ধতি সলাব পাৰে। প্ৰান্তীয় সঁজুলিৰ ভিতৰত ইন্পুট সঁজুলি (কীব'ৰ্ড, মাউচ, জয়ষ্টিক), আউটপুট সঁজুলি (মনিটৰ পৰ্দা, প্ৰিণ্টাৰ আদি), আৰু ইন্পুট/আউটপুট সঁজুলি যি দুয়োটা কামেই কৰিব পাৰে (যেনে- একবিংশ শতিকাৰ টাচ্চস্ক্ৰীন)। প্ৰান্তীয় সঁজুলিৰ সহায়ত সম্পাদন কৰা কামৰ ফলাফল সাঁচি ৰাখিব পাৰি আৰু প্ৰয়োজনমতে উলিয়াই আনিব পাৰি।