ত্ৰিকোণমিতি
From Wikipedia, the free encyclopedia
ত্ৰিকোণমিতি (ইংৰাজী: Trigonometry) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যয়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।[1] ত্ৰিকোণমিতি শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে “Trigonometry”। এই শব্দটি আকৌ গ্ৰীক শব্দ trigōnon অৰ্থাৎ ত্ৰিভুজ আৰু metron অৰ্থাৎ পৰিমাপৰ পৰা উদ্ভৱ হৈছে।[2]
ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজৰ অধ্যয়নক সকলোতকৈ গুৰুত্বপূৰ্ণ স্থান দিয়া হয়।