নেফথিছ
From Wikipedia, the free encyclopedia
নেফথিছ বা নেবেট-হেটচ প্ৰাচীন মিচৰীয় ধৰ্মৰ এগৰাকী দেৱী আছিল। তেওঁ ইজিপ্তৰ পৌৰাণিক আখ্যানসমূহত হিলিঅ'পলিছৰ মহান এনীড অৰ্থাৎ নগৰাকী বিশিষ্ট দেৱ-দেৱীৰ গোটৰ সদস্য। তেওঁ আছিল নুট আৰু গেবৰ জীয়ৰী। নেফথিছক সাধাৰণতে তেওঁৰ ভগ্নী আইচিছৰ সৈতে অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত সংযুক্ত কৰা হৈছিলি[4] কিয়নো তেওঁলোকে মামিৰ ৰক্ষক আৰু দেৱতা অচাইৰিছ আৰু ছেটৰ ভগ্নী তথা পত্নীৰ ভূমিকা পালন কৰিছিল।
ক্ষিপ্ৰ তথ্য নেফথিছ, মিছৰীয় চিত্ৰলিপিৰ মতে ...
নেফথিছ | ||||
---|---|---|---|---|
মিছৰীয় চিত্ৰলিপিৰ মতে | ||||
প্ৰতীক | মন্দিৰৰ পবিত্ৰ অংশ | |||
সঙ্গী | ছেট, অচাইৰিছ, হ'ৰাছ,[1] অনুবিছ (নুবিয়াত)[2] | |||
পিতৃ-মাতৃ | গেব আৰু নূট | |||
সহোদৰ | আইচিছ, অচাইৰিছ, জ্যেষ্ঠ হ'ৰাছ, আৰু ছেট | |||
সন্তান | অনুবিছ, ৱেপৱাপেট, হ'ৰাছ[3] |
বন্ধ কৰক
তেওঁ শোক, ৰাতি/আন্ধাৰ, সেৱা (বিশেষকৈ মন্দিৰৰ), প্ৰসৱ, মৃতক, সুৰক্ষা, যাদু, স্বাস্থ্য, মৃতদেহ, আৰু নিচাযুক্ত পানীয়ৰ সৈতে জড়িত দেৱী আছিল।