নূট
প্ৰাচীন মিচৰীয় ধৰ্মৰ আকাশ, তাৰকামণ্ডলী, মহাকাশ, মাতৃ, জ্যোতিৰ্বিদ্যা আৰু ব্ৰহ্মাণ্ডৰ দেৱী / From Wikipedia, the free encyclopedia
নূট (/ˈnʊt/[2]) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ আকাশ, তাৰকামণ্ডলী, মহাকাশ, মাতৃ, জ্যোতিৰ্বিদ্যা আৰু ব্ৰহ্মাণ্ডৰ দেৱী।[3] তেওঁক পৃথিৱী বা এজনী গাইগৰুৰ ওপৰত ধনুভিৰীয়াকৈ অৱস্থান কৰা সৰ্বশৰীৰ তৰাৰে ঢকা এগৰাকী নগ্ন নাৰীৰ ৰূপত চিত্ৰিত কৰা হয়।[4] তেওঁৰ চিহ্ন হৈছে এক পানীৰ পাত্ৰ আৰু তেওঁক এই চিহ্ন ধাৰণ কৰি থকা ৰূপত দেখা যায়। মেছ'পটেমিয়াৰ আকাশৰ দেৱী তথা দেৱতাসকলৰ মাতৃ নিনহূৰছাগৰ সৈতে নূটৰ তুলনা কৰিব পৰা যায়।