ফেঁচা
From Wikipedia, the free encyclopedia
ফেঁচা (ইংৰাজী: Owls) হৈছে ষ্ট্ৰিজিফৰ্মেছ (/ˈstrɪdʒəfɔrmiːz/) ক্ৰমৰ পক্ষী। ইয়াৰে ২০০ৰো অধিক প্ৰজাতিৰ বেছিভাগেই একাকী আৰু নিশাচৰ চিকাৰী। ফেঁচাক উলম্ব স্থিতি, ডাঙৰ আৰু বহল মূৰ, তীক্ষ্ণ দৃষ্টি, উচ্চ শ্ৰৱণ শক্তি, চোকা ঠেং আৰু নীৰৱতাৰে উৰিব পৰাকৈ গঠিত ডেউকাৰ দ্বাৰা চিহ্নিত কৰা হয়।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ফেঁচা সাময়িক পৰিসৰ: Late Paleocene–Recent প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
Little Owl (Athene noctua) | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
অধিজগৎ: | সংকোষকেন্দ্ৰী |
ৰাজ্য: | প্ৰাণী |
শ্ৰেণী: | Aves |
Superorder: | Falconimorphae |
বৰ্গ: | Strigiformes Wagler, 1830 |
Families | |
Strigidae | |
Range of the Owl, all species. | |
সমাৰ্থক | |
Strigidae sensu Sibley & Ahlquist |
বেছিভাগ ফেঁচাই সৰু সৰু স্তন্যপায়ী প্ৰাণী, পোক-পৰুৱা আৰু অন্যান্য চৰাই চিকাৰ কৰে যদিও কেইটামান প্ৰজাতি মাছ চিকাৰত পাকৈত। মেৰু অঞ্চলৰ হিমশিখৰ আৰু কিছুমান দূৰৱৰ্তী দ্বীপৰ বাহিৰে পৃথিৱীৰ সকলো অঞ্চলতে ইহঁতক পোৱা যায়।
ফেঁচাক দুটা পৰিয়ালত ভাগ কৰা হয়: প্ৰকৃত (বা সাধাৰণ) ফেঁচা পৰিয়াল ষ্ট্ৰিজিডে আৰু বাৰ্ন-ফেঁচা পৰিয়াল টাইটনিডে।
ফেঁচাৰ একোটা দলক ইংৰাজীত "পাৰ্লিয়ামেণ্ট" বোলা হয়।[1] সংস্কৃতত ফেঁচাক ’উলুক’ বুলি কোৱা হয়। সংকৃতত ফেঁচাক বুজোৱা আন এটা শব্দ হ’ল ’পেচক’। প্ৰাণীবিজ্ঞানৰ পৰিভাষাত ফেঁচাক ’অ’টাছ স্পাইটোচেফালাছ’ (Otus Spitocephalus) বুলি কোৱা হয়।