ব্ৰাজুকা
From Wikipedia, the free encyclopedia
ব্ৰাজুকা হ'ল ২০১৪ চনৰ ফিফা বিশ্বকাপ ফুটবলৰ অফিচিয়েল মেচ বল (match ball)।[1][2][3] ইয়াক এডিডাচ (Adidas) নামৰ কোম্পানীটোৱে তৈয়াৰ কৰিছে। উল্লেখযোগ্য যে এডিডাচ হৈছে ফিফা ৰ অফিচিয়েল বল যোগানকাৰী আৰু ই ১৯৭০ চনৰ পৰা বল যোগান ধৰি আহিছে।[1][2][3] ফিফা বিশ্বকাপৰ ইতিহাসত এইটোৱেই প্ৰথম বল যাক অনুৰাগীসকলে নামকৰণ কৰিছে। এই বলটো পাকিস্তানৰ ছিয়ালকোটত তৈয়াৰী।