শৰদ কুমাৰ
ভাৰতীয় পেৰা-এথলীট / From Wikipedia, the free encyclopedia
শৰদ কুমাৰ (ইংৰাজী: Sharad Kumar; জন্ম: ১ মাৰ্চ ১৯৯২) এজন ভাৰতীয় পেৰা হাই জাম্পাৰ আৰু প্ৰাক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ। বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰা শৰদ কুমাৰে ২০১০ চনৰ এছিয়ান পেৰা গেমছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৪ চনৰ এছিয়ান পেৰা গেমছত তেওঁ ১২ বছৰীয়া এছিয়ান গেমছৰ অভিলেখ ভংগ কৰি হাই জাম্পৰ টি৪২ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে বিশ্বৰ শীৰ্ষ স্থান পুনৰ দখল কৰে। শৰদে ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰি ষষ্ঠ স্থান লাভ কৰিছিল। তেওঁ ২০১৭ চনৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল। তেওঁক পেৰা চেম্পিয়নছ কাৰ্যসূচীৰ জৰিয়তে গোস্পৰ্টছ ফাউণ্ডেচনৰ দ্বাৰা সমৰ্থন কৰা হয়। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ হাই জাম্প টি৬৩ শাখাত ১.৮৩ মিটাৰ উচ্চতা অতিক্ৰম ব্ৰঞ্জৰ পদক লাভ কৰে।[4]
শৰদ কুমাৰ | |||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
এছিয়ান পেৰা গেমছত শৰদ কুমাৰ | |||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||
জন্ম | ১ মাৰ্চ, ১৯৯২ (৩১ বছৰ)[1] পাটনা, বিহাৰ, ভাৰত[2] | ||||||||||||||||||||||||||||||
শিক্ষা | ৰাজনীতি বিজ্ঞান আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক[2] | ||||||||||||||||||||||||||||||
শিক্ষানুষ্ঠান | চেইণ্ট পলছ স্কুল, দাৰ্জিলিং মডাৰ্ণ স্কুল, নতুন দিল্লী কিৰোৰী মল কলেজ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়[2] | ||||||||||||||||||||||||||||||
জীৱিকা | পেৰা-এথলীট আৰু প্ৰশিক্ষক (ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ) | ||||||||||||||||||||||||||||||
সক্ৰিয় হৈ থকা সময় | ২০১০– বৰ্তমানলৈকে | ||||||||||||||||||||||||||||||
উচ্চতা | ১.৮১ মিটাৰ[2] | ||||||||||||||||||||||||||||||
ওজন | ৫৮ কেজি[2] | ||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||
ক্ৰীড়া | হাই জাম্প | ||||||||||||||||||||||||||||||
শিতান | হাই জাম্প টি৪২ | ||||||||||||||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||||||||||||||
সৰ্বোচ্চ বিশ্ব ৰেংকিং | ১[3] | ||||||||||||||||||||||||||||||
পদক অভিলেখ
|