সত্যজিৎ ৰায়
ভাৰতীয় তথা বঙালী চলচ্চিত্ৰ নিৰ্মাতা / From Wikipedia, the free encyclopedia
সত্যজিৎ ৰায় (২ মে’ ১৯২১-২৩ এপ্ৰিল ১৯৯২) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেখেতক বিংশ শতিকাৰ এজন উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়[1]। কলিকতাৰ (এতিয়াৰ কলকাতা) কলা আৰু সাহিত্যৰ ক্ষেত্ৰত সুনাম থকা এক পৰিয়ালত সত্যজিৎ ৰায়ৰ জন্ম হৈছিল। ৰায়ে বাণিজ্যিক শিল্পীৰূপে জীৱিকা আৰম্ভ কৰিছিল। ফ্ৰান্সৰ চলচ্চিত্ৰ নিৰ্মাতা জন ৰেনোঁৱাক (Jean Renoir) লগ পোৱাৰ পিছত আৰু লণ্ডন ভ্ৰমণ কালত ইটালীৰ ভিট্ট’ৰিঅ’ ডি চিকাৰ (Vittorio De Sica) নব্য-বাস্তৱতাবাদী (Italian neorealist) ছবি লাড্ৰি দি বিচিক্লেত্তে (Bicycle Thieves) চাই উঠি স্বতন্ত্ৰভাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি ৰায়ৰ আগ্ৰহ জন্মে।
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
সত্যজিৎ ৰায় | |
---|---|
সত্যজিৎ ৰায়ৰ প্ৰতিকৃতি | |
জন্ম | ২ মে’,১৯২১ কলিকতা, ব্ৰিটিছ শাসিত ভাৰত |
মৃত্যু | ২৩ এপ্ৰিল,১৯৯২ কলিকতা, ভাৰত |
পেচা | চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য লেখক, সাহিত্যিক, সংগীত পৰিচালক, গীতিকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৫০-১৯৯১ |
দাম্পত্যসঙ্গী | বিজয়া দাস (বি. ১৯৪৯–৯২) |
ৰায়ে পূৰ্ণদৈঘ্যৰ কাহিনীচিত্ৰ, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি মুঠ ৩৭খন ছবি পৰিচালনা কৰিছিল। তেখেত এজন লেখক, প্ৰকাশক, চিত্ৰকৰ, গ্ৰাফিক ডিজাইনাৰ আৰু চলচ্চিত্ৰ সমালোচকো আছিল। ৰায়ৰ প্ৰথম চলচ্চিত্ৰ পথেৰ পাঁচালীএ (১৯৫৫) কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মানৱীয় তথ্যচিত্ৰকে ধৰি ১১টা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰিছিল। পথেৰ পাঁচালী, অপৰাজিত (১৯৫৬) আৰু অপুৰ সংসাৰ (১৯৫৯) এই তিনিখন ছবিক একেলগে অপু ত্ৰয়ী (The Apu Trilogy) বুলি কোৱা হয়। ৰায়ে চিত্ৰনাট্য ৰচনা, চৰিত্ৰায়ন, সংগীতৰ স্বৰলিপি ৰচনা, চিনেমাট’গ্ৰাফী, কলা নিৰ্দেশনা, সম্পাদনা আৰু শিল্পী-কুশলীৰ নামৰ তালিকা তথা প্ৰচাৰ সামগ্ৰীৰ পৰিকল্পনা আদি সকলো নিজেই কৰিছিল। ৰায়ে জীৱনকালত ৩২টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কেইবাটাও আন্তৰ্জাতিক বঁটা আৰু ১৯৯১ চনত একাডেমী সন্মানসূচক বঁটা (অস্কাৰ)কে ধৰি বহুতো বঁটা,সন্মান লাভ কৰে।