সামান্থা ৰুথ প্ৰভু
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
সামান্থা ৰুথ প্ৰভু (ইংৰাজী: Samantha Ruth Pravu) ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।[5][6] তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰা অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[7][8][9][10] তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত এজন নেতৃস্থানীয় অভিনেত্ৰী হিচাপে নিজকে গঢ়ি তুলিছে। বাণিজ্য শাখাত ডিগ্ৰীলৈ থকাৰ সময়ত আক্কিনেনীয়ে মডেলিং এছাইনমেণ্টত পাৰ্ট টাইম হিচাপে কাম কৰিছিল। তেওঁ অতি কম সময়ৰ ভিতৰতে চলচ্চিত্ৰৰ চৰিত্ৰত অভিনয়ৰ বাবে অফাৰ লাভ কৰে আৰু গৌতম মেননৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত তেলেগু ৰোমাঞ্চ ছবি “য়ে মায়া শেষব (২০১০)” -ৰ যোগেদি অভিনয়ত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ শ্ৰেষ্ঠ অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটা লাভ কৰে।[11][12][13] তাৰ পিছত তেওঁ “নিথানে ইন পোনভাচানথাম” আৰু “ইগা” চলচ্চিত্ৰৰ বাবে একেটা বছৰতে দুয়োটাকৈ শ্ৰেষ্ঠ তামিল অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ তেলেগু অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা দ্বিতীয় গৰাকী অভিনেত্ৰী হয়৷
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
সামান্থা ৰুথ প্ৰভু | |
---|---|
২০১৭ চনত সামান্থা ৰুথ প্ৰভু | |
জন্ম | সামান্থা ৰুথ প্ৰভু ২৮ এপ্ৰিল, ১৯৮৭ (৩৬ বছৰ)[1][2] মাদ্ৰাজ, তামিলনাডু, ভাৰত[3] (বৰ্তমানৰ চেন্নাই) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | বি.কম |
শিক্ষানুষ্ঠান | Stella Maris College, Chennai |
পেচা | অভিনেত্ৰী |
দাম্পত্যসঙ্গী | নাগা চৈতন্য (বি. ২০১৭; বিবি. ২০২১)[4] |
পিতৃ-মাতৃ |
|
স্বাক্ষৰ | |