আগাথা ক্ৰিষ্টি
From Wikipedia, the free encyclopedia
ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ, লেডি মেলোৱেন (ইংৰাজী: Dame Agatha Mary Clarissa Christie, Lady Mallowan; ১৫ ছেপ্টেম্বৰ ১৮৯০-১২ জানুৱাৰী ১৯৭৬) এগৰাকী বিশ্ববন্দীত ইংৰাজী লেখিকা। তেওঁৰ জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে তেওঁৰ দ্বাৰা লিখিত ৬৬খন উপন্যাস, ১৪খন চুটিগল্প সংকলন আৰু হাৰকিউল পয়ৰো, মিছ মাৰ্পল নামৰ কাল্পনিক ডিটেকটিভ চৰিত্ৰ দুটাৰ সৃষ্টি। দা মাউছট্ৰেপ (The Mousetrap) নামৰ ৰহস্যধৰ্মী নাটকখনৰ বাবেও আগাথা ক্ৰিষ্টি জনাজাত। উল্লেখযোগ্য যে, এইখন হৈছে পৃথিৱীত সুদীৰ্ঘ সময় ধৰি প্ৰদৰ্শিত হোৱা নাটক। [1]
আগাথা ক্ৰিষ্টি লেডি মেলোৱেন | |
---|---|
জন্ম | আগাথা মেৰি ক্লেৰিছা মিলাৰ ১৫ ছেপ্টেম্বৰ, ১৮৯০ টৰ্কুৱেই, ডেভন, ইংলেণ্ড |
মৃত্যু | ১২ জানুৱাৰী, ১৯৭৬ (৮৫ বছৰ) উইণ্টাৰবুক হাউছ, উইণ্টাৰবুক, অক্সফৰ্ডশ্বায়াৰ |
সমাধিস্থল | ছেইণ্ট মেৰিৰ গীৰ্জা, ছ'লছেই, অক্সফৰ্ডশ্বায়াৰ, ইংলেণ্ড |
ছদ্মনাম | মেৰি ৱেষ্টমেকট |
পেচা | ঔপন্যাসিকা, চুটি গল্পৰ লেখিকা, নাট্যকাৰ, কবি, আত্মজীৱনীকাৰ |
ধৰণ | হত্যাজনিত ৰহস্য, থ্ৰিলাৰ, অপৰাধমূলক সাহিত্য, ডিটেকটিভ সাহিত্য, ৰোমাণ্টিক সাহিত্য |
সাহিত্যিক বিপ্লৱ | ডিটেকটিভ কল্প-কাহিনীৰ সোণালী যুগ |
উল্লেখনীয় কৰ্মৰাজি | হাৰকিউল পয়ৰট আৰু মিছ মাৰ্পল নামৰ চৰিত্ৰ সৃষ্টি, মাৰ্ডাৰ অন ডা অৰিয়েণ্ট এক্সপ্ৰেছ, এণ্ড ডেন ডেয়াৰ ওৱেৰ নান, ডা মাউছট্ৰেপ |
সন্তান | ১ |
স্বাক্ষৰ | |
ৱেবছাইট | agathachristie |
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে আগাথা ক্ৰিষ্টিক সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিকা হিচাপে তালিকাভুক্ত কৰিছে। তেওঁৰ উপন্যাসৰ বিক্ৰী-সংখ্যাই প্ৰায় ৩০০ কোটিৰ ঘৰ চুইছে। পৃথিৱীত বহুলভাৱে প্ৰকাশিত হোৱা গ্ৰন্থৰ তালিকাখনত শ্বেইকছপীয়েৰ আৰু বাইবেলৰ পিছতেই আছে আগাথা ক্ৰিষ্টিৰে নাম।[2] ইণ্ডেস্ক ট্ৰেন্সলেছ'নামৰ মতে(Index Translationum) আগাথা ক্ৰিষ্টিৰ গ্ৰন্থ ১০৩টা ভাষালৈ অনূদিত হৈছে। সৰ্বাধিক ভাষালৈ অনূদিত হোৱা লেখকৰ তালিকাত আগাথা ক্ৰিষ্টিয়েই প্ৰথম স্থান অধিকাৰ কৰিছে। [3]
আগাথা ক্ৰিষ্টিৰ দ্বাৰা লিখিত এণ্ড ডেন ডেয়াৰ ওৱেৰ নান শীৰ্ষক উপন্যাসখন হৈছে তেওঁৰ সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস। কিতাপখনৰ এতিয়ালৈকে ১০ কোটি (১০০ মিলিয়ন) কপি বিক্ৰী হৈছে। সেইকাৰণে এইখন গ্ৰন্থক পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা ৰহস্যধৰ্মী কাহিনী আখ্যা দিয়া হয়। [4] ক্ৰিষ্টিৰ দ্বাৰা ৰচিত এখন আলোড়ন-সৃষ্টিকাৰী নাটক দা মাউছট্ৰেপৰ এটা বিৰল অভিলেখ আছে। এইখন নাটকৰ প্ৰথমটো প্ৰদৰ্শনী আৰম্ভ হৈছিল ১৯৫২ চনৰ ২৫ নৱেম্বৰত। ইংলেণ্ডৰ ৱেষ্ট এণ্ডস্থিত এম্বাছাডৰছ্ থিয়েটাৰত। আৰু তেতিয়াৰ পৰা ২০১৯ চনৰ এপ্ৰিললৈকে এই নাটকখনে ২৭,০০০টা প্ৰদৰ্শনী সম্পন্ন কৰিছে। পৃথিৱীত দীৰ্ঘসময়ৰ বাবে চলা এইখনেই হৈছে একমাত্ৰ নাটক।[5]