আত্মহত্যা
From Wikipedia, the free encyclopedia
আত্মহত্যা (ইংৰাজী: suicide; লেটিন sui caedereৰ পৰা suicidium, "নিজকে হত্যা কৰা") হৈছে ইচ্ছাকৃতভাৱে কৰা এটা কাৰ্য যাৰ পৰিণাম হৈছে নিজৰেই মৃত্যু। প্ৰায়েই নিৰাশাৰ বাবে আত্মহত্যা কৰা দেখা যায়। যেতিয়া কোনোলোকে আত্মহত্যা কৰে, তেতিয়া জনগণ প্ৰক্ৰিয়াকে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ কৰে। চিকিৎসক সকলে আত্মহত্যাৰ চেষ্টাক মানসিক অৱসাদজনিত গুৰুতৰ উপসৰ্গ হিচাপে বিবেচনা কৰে। ইতিমধ্যে বিশ্বৰ বহু দেশত আত্মহত্যাৰ প্ৰচেষ্টাক এক ধৰণৰ অপৰাধৰূপে ঘোষণা কৰা হৈছে।[1] অনেক ধৰ্মত আত্মহত্যাক পাপ হিচাপে বিবেচনা কৰা হয়।[2][3][4][5] নিজেই নিজৰ জীৱন বিনাশ কৰাজন সমাজত আত্মঘাতক, আত্মঘাতী বা আত্মঘাতিকা, আত্মঘাতিনীৰূপে পৰিচিত হয়।
আত্মহত্যা | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
এডৱাৰ্ড ম'নেটৰ আত্মহত্যা ১৮৭৭–১৮৮১ | |
আই.চি.ডি.-10 | X60–X84 |
আই.চি.ডি.-9 | E950 |
ডিজিজেছ ডে'টাবে'ছ | 12641 |
মেডলাইন প্লাছ | 001554 |
ইমেডিচিন | article/288598 |
MeSH | F01.145.126.980.875 |
প্ৰতিবছৰে প্ৰায় দশ লাখ মানুহে আত্মহত্যা কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে সমগ্ৰ বিশ্বত যিকোনো কাৰণত মৃত্যু ঘটা লোকৰ মাজত আত্মহত্যা হৈছে ত্ৰয়োদশতম প্ৰধান কাৰণ।[6] কিশোৰ-কিশোৰী আৰু পঁয়ত্ৰিশ বছৰ বয়সতকৈ তলৰ লোক সকলৰ মৃত্যুৰ প্ৰধান কাৰণ হৈছে আত্মহত্যা।[7][8] নাৰীৰ তুলনাত পুৰুষৰ মাজত আত্মহত্যাৰ হাৰ বহু বেচি। পুৰুষৰ আত্মহত্যা কৰাৰ প্ৰৱণতা নাৰীৰ তুলনাত তিনিৰ পৰা চাৰি গুণ অধিক।[9][10]