ইহুদী ধৰ্ম
From Wikipedia, the free encyclopedia
ইহুদী ধৰ্ম (হিব্ৰু: יְהוּדִים য়েহুদীম্) অত্যন্ত প্ৰাচীন, এক ঈশ্বৰবাদী ধৰ্ম। ইহুদী ধৰ্ম খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্মৰ নিচিনাকৈ, আব্ৰাহামিক ধৰ্ম। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হিচাপে পুৰণা নিয়মৰ প্ৰথম পাঁচ খন কিতাপক গণ্য কৰা হয়: আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয় পুস্তক, গণনাপুস্তক, আৰু দ্বিতীয় বিৱৰণ। এই পাঁচখন কিতাপক একেলগে "তওৰা"ও বোলা হয়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ইহুদী ধৰ্মবিশ্বাসমতে, ঈশ্বৰ এক, আৰু তেওঁক জেহোবা (Jehovah, YHWH) নামেৰে আখ্যায়িত কৰা হয়। মোজেছ হ'ল ঈশ্বৰৰ এজন বাণীবাহক। ইছলাম আৰু খ্ৰিষ্টাণ ধৰ্মৰ নিচিনাকৈয়েই ইহুদীসকলে পূৰ্বৰ সকলো বাণীবাহকক বিশ্বাস কৰে আৰু বিশ্বাস কৰা হয় মোজেছেই সৰ্বশেষ বাণীবাহক; অন্যদিশে মুছলিমসকলে মুহাম্মাদ (ছাঃ)ক সৰ্বশেষ বাণীবাহক বুলি বিশ্বাস কৰে। ইহুদীসকলে যীশুক ঈশ্বৰৰ বাণীবাহক হিচাপে অস্বীকাৰ কৰিলেও, খ্ৰিষ্টাণ সকলে ইহুদীসকলৰ সকলোবোৰ ধৰ্মগ্ৰন্থ (পুৰণা নিয়ম)ক নিজৰ ধৰ্মগ্ৰন্থ হিচাপে মানে। একেধৰণে মুছলিম সকলেও মোজেছক নিজৰ এজন অন্যতম বাণীবাহক আৰু তাওৰাতক আল্লাহৰ বাণী বুলি বিশ্বাস কৰে। ইহুদী ধৰ্ম ছেমেটিক ধৰ্ম হিচাপেও অভিহিত।