ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়াত যিকোনো বিষয় অন্তৰ্ভুক্ত কৰাৰ আৰম্ভনি হৈছে বিশ্বাসযোগ্য উৎস – ৱিকিপিডিয়াত থকা বিষয়বস্তু ইতিমধ্যে কোনো নিৰ্ভৰযোগ্য উৎসৰ দ্বাৰা প্ৰকাশিত হৈছে নে নাই সেয়া যাতে পাঠকে নিৰ্ভৰযোগ্য উৎসৰ দ্বাৰা নিজে পৰীক্ষা কৰিব পাৰে, আৰু সম্পাদকসকলে ইয়াক সত্য বুলি ভাবে নে নাই সেয়া নিৰ্ভৰ নকৰে।
এই ৱিকিপিডিয়া পৃষ্ঠাটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৱিকিপিডিয়াৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক। |
- নিৰ্দিষ্ট উৎসৰ বিষয়ে আলোচনা কৰিবলৈ নিৰ্ভৰযোগ্য উৎসৰ জাননী চাওক, ধ্বংসপ্ৰৱণতাৰ বাবে, ৱি:ধ্বংস চাওক।
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
সংক্ষেপে এই পৃষ্ঠাখন: অইন মানুহে পৰীক্ষা কৰিব পাৰিব লাগে যে আপুনি তথ্যবোৰ নিজৰ ইচ্ছা মতে সাজি লিখা নাই। অৰ্থাৎ সকলো তথ্য আৰু আপত্তি দৰ্শোৱা বা আপত্তি দৰ্শোৱাৰ সম্ভাৱনা থকা তথ্য ইনলাইন উদ্ধৃতি ব্যৱহাৰ কৰি নিৰ্ভৰযোগ্য, প্ৰকাশিত উৎসৰ উপৰত নিৰ্ভৰ কৰি লিখিব লাগিব। |
ই যে মৌলিক গৱেষণা নহয়, সেইটো দেখুৱাবলৈ হ’লে প্ৰবন্ধত যোগ কৰা সকলো তথ্যৰ বাবে উপযুক্ত নিৰ্ভৰযোগ্য, প্ৰকাশিত উৎস দিব লাগিব, যাতে কাৰ্যক্ষেত্ৰত আপুনি সকলো বস্তুৰ কাৰণ সুধাৰ প্ৰয়োজন নহয়। এই নীতিৰ মতে সকলো উদ্ধৃতি আৰু আপত্তি দৰ্শোৱা বা আপত্তি দৰ্শোৱাৰ সম্ভাৱনা থকা যিকোনো তথ্যক বিষয়বস্তুক প্ৰত্যক্ষভাৱে সমৰ্থন কৰা এটা ইনলাইন উদ্ধৃতি ৰূপত উপস্থাপন কৰা হ'ব। উদ্ধৃতি কেনেকৈ লিখিব লাগে তাৰ বাবে উৎসৰ উল্লেখ চাওক।
এই নীতি ব্যতিক্ৰম নোহোৱাকৈ মূল স্থানত থকা সকলো তথ্য যেনে – প্ৰবন্ধ, তালিকা, প্ৰবন্ধৰ অংশ, আৰু কেপচন – আৰু বিশেষকৈ জীৱিত ব্যক্তিৰ তথ্যৰ ক্ষেত্ৰত প্ৰযোজ্য। উৎস নোহোৱা যিকোনো তথ্য আঁতৰাই পেলাব পাৰি, আৰু জীৱিত ব্যক্তিৰ ওপৰত উৎস নোহোৱা বিতৰ্কিত তথ্য তৎক্ষণাত আঁতৰাই পেলাব লাগে।
বিশ্বাসযোগ্যতা মৌলিক গৱেষণা আৰু নিৰপেক্ষ দৃষ্টিভংগীৰ দৰে ৱিকিপিডিয়াৰ অন্যতম মূল নীতি । এই নীতিসমূহে মিলি প্ৰবন্ধটোৰ গ্ৰহণযোগ্যতা, বিষয়বস্তুৰ ধৰণ আৰু মানদণ্ড নিৰ্ধাৰণ কৰে। এই নীতসমূহ ইটোৱে সিটোৰ পৰা বেলেগ বুলি ভাবিব নালাগে আৰু সম্পাদকসকলে তিনিওটা নীতিৰ মূল বিষয়ৰ সৈতে পৰিচিত হ’ব লাগে। প্ৰবন্ধসমূহে কপিৰাইট নীতি মানি চলিব লাগিব।