ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়াৰ সকলো বোৰ বিশ্বকোষীয় সমল এক নিৰপেক্ষ দৃষ্টিভঙ্গীৰে (NPOV) লিখা হ’ব লাগিব, যাৰ অৰ্থ হৈছে যথাযথ, সমানুপাতিক আৰু যথাসম্ভৱ পক্ষপাতহীনতা আৰু কোনো এক বিষয় সম্পৰ্কে প্ৰকাশিত সকলো গুৰুত্বপূৰ্ণ তথ্যউৎসৰ উপস্থাপন।
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
সংক্ষেপে এই পৃষ্ঠাখন: Articles must not take sides, but should explain the sides, fairly and without editorial bias. This applies to both what you say and how you say it. |
NPOV হৈছে ৱিকিপিডিয়া' আৰু অন্যান্য ৱিকিমিডিয়া প্ৰকল্পৰ এক মৌলিক নীতি। ই ৱিকিপেডিয়াৰ তিনিটা মূল সমল নীতিৰ এটা। আন দুটা হৈছে "সত্যাপনযোগ্যতা" আৰু "মৌলিক গৱেষণাৰহিত লেখা"। এই নীতিবোৰে সামগ্ৰিকভাবে নিৰ্দ্ধাৰণ কৰে যে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বাবে কেনে ধৰণৰ আৰু মানৰ বিষয়বস্তু গ্ৰহণযোগ্য হয় আৰু ৱিকিৰ প্ৰবন্ধই যিহেতু একতাৰহে পোষকতা কৰে, সেইবাবে ই পৰস্পৰৰ মাজত মতভেদ অনা উচিত নহয়। ৱিকিৰ সম্পাদকসকলক এই তিনি নীতিৰ সৈতে পৰিচিত কৰাবলৈ শক্তিশালীভাবে উদগনি দিয়া হয়।
এই নীতি পৰিৱৰ্তনীয় নহয় আৰু যি সিদ্ধান্তৰ ওপৰত ই আধাৰিত, তাক অন্যান্য নীতিৰ বা দিশানিৰ্দেশৰ দ্বাৰা নতুবা সম্পাদকসকলৰ সহমতৰ দ্বাৰা অৱদমন কৰিব নোৱাৰি।