একতাৰ মূৰ্তি
ভাৰতৰ গুজৰাটত অৱস্থিত বল্লভভাই পেটেলৰ বিশাল মূৰ্তি / From Wikipedia, the free encyclopedia
একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত। নৰ্মদা নদীৰ বুকুত অৱস্থিত এটি নদীদ্বীপৰ পৰা চৰ্দাৰ সৰোবৰ বান্ধলৈ মুখ কৰি কেৱদিয়া কলনীত এই মূৰ্তি অৱস্থিত।[2]
একতাৰ মূৰ্তি ঐক্যৰ মূৰ্তি ষ্টেচু অফ ইউনিটি | |
---|---|
স্থানাঙ্ক | 21.8380°N 73.7191°E / 21.8380; 73.7191 |
অৱস্থান | কেৱদিয়া কলনী, নৰ্মদা জিলা, গুজৰাট, ভাৰত |
ডিজাইনাৰ | ৰাম ভি. চুতাৰ |
প্ৰকাৰ | মূৰ্তি |
পদাৰ্থ | ষ্টীল ফ্ৰেমিং, ৰেইনফৰ্চড কংক্ৰীট, ব্ৰঞ্জ ক্লেডিং[1] |
উচ্চতা |
|
নিৰ্মাণ আৰম্ভ | ৩১ অক্টোবৰ ২০১৪ (2014-10-31) |
নিৰ্মাণ সমাপ্তি | অক্টোবৰ ২০১৮ |
মুকলি | ৩১ অক্টোবৰ ২০১৮ নৰেন্দ্ৰ মোদী |
উছৰ্গিকৃত | চৰ্দাৰ বল্লভভাই পেটেল |
ৱেবছাইট | statueofunity |
এই প্ৰকল্প নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে ২০১০ চনত ঘোষণা কৰা হৈছিল। ২০১৪ চনৰ অক্টোবৰ মাহৰ পৰা লাৰ্চন এণ্ড টাৰব' কোম্পানীয়ে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। ৰী মূৰ্তিৰ মুঠ ব্যয় ₹২,৯৮৯ কোটি। ভাস্কৰ্যবিদ ৰাম ভি. চুতাৰে ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছিল। ২০১৮ চনৰ ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৩তম জন্মবাৰ্ষিকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে এই মূৰ্তি মুকলি কৰে।[3]
বল্লভভাই পেটেলে ভাৰতৰ স্বাধীনতাৰ পিছত বহুতো স্থানীয় ৰজা-মহাৰজাৰ ৰাজ্য মূল ভাৰতৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সকলোকে একতাৰ দোলেৰে বান্ধি ভাৰতত ঐক্য স্থাপন কৰাৰ বাবে এই মূৰ্তিৰ নাম একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ৰখা হ'ল।