খাদী
From Wikipedia, the free encyclopedia
খাদী বা খদ্দৰ হৈছে ভাৰতীয় উপমহাদেশৰ পূৱ অঞ্চলৰ পৰা আৰম্ভ হোৱা হাতেৰে বোৱা প্ৰাকৃতিক আঁহৰ কাপোৰ। খাদী মুখ্যতঃ পূব ভাৰত, উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত উৎপাদিত হৈছিল যদিও বৰ্তমান বিস্তৃতভাৱে ভাৰত আৰু পাকিস্তানত ব্যৱহাৰ কৰা হয়।[1][2][3] খাদী কাপোৰ সাধাৰণতে কপাহৰ পৰা বোৱা হয় যদিও ৰেচম আৰু ঊলৰ ব্যৱহাৰো কৰা হয়। খাদী যঁতৰত সূতা কাটি প্ৰস্তুত কৰা হয়। ই এক বহুমুখী কাপোৰ। খাদী কাপোৰ গ্ৰীষ্মকালত শীতল আৰু শীতকালত গৰম। ইয়াৰ দেখাত উন্নত কৰাৰ বাবে, খাদী বা খদ্দৰক কেতিয়াবা মাৰ দি এক জঠৰ অনুভৱ দিয়া হয়। ইয়াক বিভিন্ন ফেশ্বন বৃত্তত বহুলভাৱে গ্ৰহণ কৰা হয়।[4] ভাৰতত খাদীক খাদী আৰু গ্ৰামোদ্যোগ আয়োগ আৰু মাইক্ৰ', ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰ আৰু প্ৰসাৰ কৰা হয়।